உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মহানগৰীৰ ডিম্পল হত্যাকাণ্ডক লৈ বিস্ফোৰক স্বীকাৰোক্তি অভিযুক্তৰ, হত্যাৰ পিছত ডকাইতিৰ ৰূপ দিবলৈ কৰিছিল এই কাম

    মহানগৰীৰ ডিম্পল হত্যাকাণ্ডক লৈ বিস্ফোৰক স্বীকাৰোক্তি অভিযুক্তৰ, হত্যাৰ পিছত ডকাইতিৰ ৰূপ দিবলৈ কৰিছিল এই কাম

    বিগত প্ৰায় ২৫ দিন ধৰি ডিম্পলৰ গৃহত আছিল অভিযুক্ত।

    বিগত প্ৰায় ২৫ দিন ধৰি ডিম্পলৰ গৃহত আছিল অভিযুক্ত।

    বিগত প্ৰায় ২৫ দিন ধৰি ডিম্পলৰ গৃহত আছিল অভিযুক্ত।

    • Share this:
    মহানগৰীৰ ডিম্পল হত্যাকাণ্ডক লৈ বিস্ফোৰক স্বীকাৰোক্তি অভিযুক্তৰ। আৰক্ষীৰ জেৰাত হত্যাকাৰীয়ে দিছে বিস্ফোৰক স্বীকাৰোক্তি। চিগাৰেটৰ বাবেই হত্যা কৰিছিল ডিম্পলক। হত্যাকাণ্ডৰ পূৰ্বে ডিম্পলে সেৱন কৰিছিল চিগাৰেট। চিগাৰেট খাবলৈ বাধা দিয়াৰ পৰিণতিত কাজিয়াৰ সূত্ৰপাত হয় ডিম্পলৰ সৈতে। আৰু অৱশেষত সেই কাজিয়াৰ পৰিণতিতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰে অভিযুক্তই।

    আৰক্ষীৰ চকুত ধূলি দিবলৈ হত্যাৰ পিছত ডকাইতি কাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা চলাইছিল অভিযুক্তই। যাৰ বাবে খুলি ৰাখিছিল ডিম্পলৰ গৃহৰ দুটা আলমিৰা। ১০:১৫ বজাত পিতৃয়ে ডিম্পলক ফোন কৰা সময়ত জীৱিত আছিল কিশোৰীগৰাকী।
    Published by:Sanjay Kumar Das
    First published: