গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত বিমান সংযোগ আৰম্ভ। সৰ্বাধিক ৪ হাজাৰ টকাত ভাড়া ধাৰ্য যাত্ৰীৰ বাবে। আজি অসমৰ বিমান সংযোগৰ ক্ষেত্ৰখনত এক বৃহৎ সংযোজন ঘটাই অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। নিগমৰ মাননীয় সঞ্চালকপ্ৰধান কুমাৰ পদ্মপাণি বৰা আৰু ফ্লাইবিগৰ মাননীয় সঞ্চালক সঞ্জয় নটৱৰলাল মাণ্ডাভিয়াৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিয়ে গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত অনা-উড়ান পথৰ অধীনত বিমান সংযোগৰ বাবে নতুন দিশ সৃষ্টি কৰিব। আঞ্চলিক সংযোগ আৰু পৰ্যটনৰ সম্ভাৱনা বৃদ্ধিৰ বাবে চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰে।
ফ্লাই বিগে উত্তৰ পূৱত ইতিমধ্যে বিমান সেৱা আগবঢ়াই আছে। তেজপুৰ, লক্ষীমপুৰ, যোৰহাটত পৰৰ্ৱতী সময়ত এনে ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। এজন যাত্ৰীয়ে ৪ হাজাৰ টকাতকৈ বেছি ভাড়া কেতিয়াও ভৰিব নালাগে। ৫০ শতাংশ টিকট বিক্ৰী নহ'লে ৰাজ্য চৰকাৰে নিজৰ পুজিৰ পৰা ২০ শতাংশ প্ৰদান কৰিব ফ্লাই বিগক। চৰকাৰে ১ শতাংশ এভিয়েশ্যন মাচুল ল'ব এই ব্যৱস্থাৰ পৰা। বাজেটত ঘোষণা কৰা কথাবোৰ এটা এটাকৈ পূৰণ কৰিছো বুলি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
Published by: Subham Goswami
FIRST PUBLISHED : March 25, 2023, 15:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।