হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে মঙলবাৰে মহিলাৰ ৪×১০০ ৰীলেত অংশ ল'ব নোৱাৰিলে হিমা দাস (Hima Das)এ। শেষ মুহূৰ্তত পোনপটীয়া সুযোগত হিমা দাস টকিঅ' অলিম্পিক (Tokyo Olympic)লৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল।
হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে মঙলবাৰে মহিলাৰ ৪×১০০ ৰীলেত অংশ ল'ব নোৱাৰিলে হিমা দাস (Hima Das)এ। শেষ মুহূৰ্তত পোনপটীয়া সুযোগত হিমা দাস টকিঅ' অলিম্পিক (Tokyo Olympic)লৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল।
টেমপাৰেত ইতিহাস ৰচি অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা ধিং এক্সপ্ৰেছ তথা স্বৰ্ণ কন্যা হিমা দাস (Hima Das)ৰ অলিম্পিকৰ আশা নিৰ্বাপিত হ'ল। অৱশেষত টকিঅ' অলিম্পিক (Tokyo Olympic)লৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল হিমা দাস। আজি অন্তিমখন কোৱালিফাইং খেলত আঘাতৰ বাবে দলৰ পৰা বাদ পৰিল হিমা দাস। আঘাতৰ বাবে হিমা দাসক মহিলাৰ ৪×১০০ ৰীলেত ভাগ লব নিদিলে এথলেটিকছ ফেডাৰেছনে।
হেমষ্ট্ৰিঙৰ আঘাতৰ বাবে মঙলবাৰৰ ফাইনেলত অংশ ল'ব নোৱাৰিলে হিমা দাসে। শেষ মুহূৰ্তত পোনপটীয়া সুযোগত হিমা দাস টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হ'ল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে আঘাতেৰে মহিলাৰ ব্যক্তিগত ২০০ মিটাৰৰ ফাইনেলৰ বাবে ট্ৰেকত নামিছিল হিমা দাসে। যাৰ ফলত খেলুৱৈগৰাকীৰ আঘাট জটিল হৈ পৰে। আজি ৪×১০০ ৰীলেৰ পাছত সামগ্ৰিকভাৱে ষষ্ঠ স্থানতে থমকি ৰ'ল হিমা দাস।
হিমাই এতিয়া অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে নাইজেৰিয়া দললৈ বাট চাব লাগিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|