১জুলাইত আৰম্ভ হৈছিল এই সেৱা।
১জুলাইত আৰম্ভ হৈছিল এই সেৱা।
স্পাইচজেটৰ অধীনত চলা গুৱাহাটী–ঢাকা পোণপটীয়া বিমানসেৱা আৰম্ভ হোৱাৰ তিনিমাহ নৌহওতেই বাতিল হ’ল।
দ্য আছাম ট্ৰিবিউনত প্ৰকাশিত এক বাতৰি অনুসৰি যোৱা সপ্তাহত এই বিমানসেৱা বাতিল কৰাৰ পিছ কৰ্তৃপক্ষই ইয়াৰ আঁৰত ‘বাণিজ্যিক উপযোগিতা’ নথকাৰ কাৰণ দৰ্শাইছে।
এই সেৱা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে। অৱশ্যে ভৱিষ্যতে এই বিমানসেৱা আৰম্ভ হোৱাৰো সম্ভাৱনা নথকা নহয়।
কেন্দ্ৰীয় চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় উড়ান কাৰ্যসূচীৰ অধীনত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা চলিত বৰ্ষৰ ১জুলাইৰ পৰা এই গুৱাহাটী–ঢাকা বিমানসেৱা আৰম্ভ কৰা হৈছিল।
আৰম্ভ হোৱাৰ পিছতে গুৱাহাটী–ঢাকা বিমান সেৱা প্ৰথমে প্ৰতিদিনৰ পৰা সপ্তাহত দুবাৰলৈ হ্ৰাস কৰা হৈছি। কিন্তু পৰ্যাপ্ত যাত্ৰী নথকাৰ বাবে এই বিমানসেৱা বন্ধ কৰিবলগীয়া হয়।
এই বিমানসেৱা বন্ধ হোৱাৰ ফলত উত্তৰ পূৱ ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক আৰু সাংস্কৃতিক বিনিময় প্ৰভাৱিত হোৱাৰো আশংকা কৰা হৈছে।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|