• Home
  • »
  • News
  • »
  • assam
  • »
  • কৃত্ৰিম বান সমস্যা সমাধান, সৰ্বাংগ সুন্দৰ গুৱাহাটী! চাৰিটা সংকল্পৰে সাজু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল

কৃত্ৰিম বান সমস্যা সমাধান, সৰ্বাংগ সুন্দৰ গুৱাহাটী! চাৰিটা সংকল্পৰে সাজু গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘাল

 চুৰাট, ইন্দোৰ,পুণেৰ মডেলৰ জৰিয়তে জাৱৰ নিষ্কাশন কৰি গুৱাহাটীৰ সমস্যা সমাধানৰ সপোন দেখিছে মন্ত্ৰী  অশোক সিংঘালে ৷ 

চুৰাট, ইন্দোৰ,পুণেৰ মডেলৰ জৰিয়তে জাৱৰ নিষ্কাশন কৰি গুৱাহাটীৰ সমস্যা সমাধানৰ সপোন দেখিছে মন্ত্ৰী  অশোক সিংঘালে ৷ 

চুৰাট, ইন্দোৰ,পুণেৰ মডেলৰ জৰিয়তে জাৱৰ নিষ্কাশন কৰি গুৱাহাটীৰ সমস্যা সমাধানৰ সপোন দেখিছে মন্ত্ৰী  অশোক সিংঘালে ৷ 

  • Share this:
গুৱাহাটীকলৈ প্ৰত্যেকবাৰেই প্ৰতিজন গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীয়েই দেখে সপোন ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মন্ত্ৰী অশোক সিংঘালো ৷ চুৰাট, ইন্দোৰ,পুণেৰ মডেলৰ জৰিয়তে জাৱৰ নিষ্কাশন কৰি গুৱাহাটীৰ সমস্যা সমাধানৰ সপোন দেখিছে মন্ত্ৰী  অশোক সিংঘালে ৷  ১৫আগষ্টৰ পূৰ্বে এই সমস্যা সমাধানৰ সংকল্প মন্ত্ৰীগৰাকীৰ।

কেৱ ইমানেই নহয়,  দীৰ্ঘদিন ধৰি সমাধা হোৱা নাই গুৱাহাটীৰ বহু কেইটা সমস্যা ৷ তাৰ ভিতৰত আতাইতকৈ ডাঙৰ সমস্যাটোৱেই হ'ল কৃত্ৰিম বানৰ সমস্যা ৷ এই সমস্যা সমাধান কৰিবৰ বাবে এইবাৰ বদ্ধপৰিকৰ মন্ত্ৰী অশোক সিংহল ৷ অশোক সিংঘালে গুৱাহাটীৰ চাৰিটা মূল সমস্যা সমাধান কৰিবৰ বাবে লৈছে সংকল্পঃ

  • প্ৰথম সংকল্পঃ নলা-নৰ্দমা সম্পূৰ্ণ চাফা কৰা হ'ব। যাতে কৃত্ৰিম বাধ ৰোধ হয় গুৱাহাটী মহানগৰীত ৷

  • দ্বিতীয় সংকল্প: বৈজ্ঞানিক পদ্ধতিৰে জাৱৰ নিষ্কাশন। এই সমস্যা সমাধানৰ বাবে সকলো প্ৰত্যাহ্বান নেওচি মন্ত্ৰীগৰাকীয়ে ল'ব চূৰাট,ইন্দোৰ,পুণেৰ মডেল ৷ স্বচ্ছতাৰ দিশত গুৱাহাটী দিনক দিনে অৱনমিত হোৱাকলৈও উদ্বিগ্ন মন্ত্ৰীগৰাকীয়ে দীপৰ বিলৰ ডাম্পিং গ্ৰাউণ্ডক লৈ হোৱা সমস্যাৰ বিকল্প চন্দ্ৰপুৰৰ বিবাদ মিমাংসা কৰিবলৈও প্ৰস্তুত ৷

  •  তৃতীয় সংকল্পঃ গুৱাহাটীৰ ষ্ট্ৰীট লাইটৰ সমস্যা সমাধান ৷ এই পদক্ষেপৰ জৰিয়তে মহানগৰীত ৰোধ কৰিব পৰা যাব বহু অসামাজিক কাৰ্যকলাপ ৷ বহু সময়ত একমাত্ৰ ষ্ট্ৰীট লাইটৰ অভাৱত মহিলা-যুৱতী সকল চেইন চোৰ বা অন্যান্য অপৰাধীৰ সন্মুখীন হৈ আহিছে। সচেতন লোকেও বিচাৰিছে এই সমস্যাৰ সমাধান ৷ 

  • চতুৰ্থ সংকল্পঃ ট্ৰেফিক ছিগনেল লাইটৰ সমস্যা সমাধান ৷ স্মৰ্টব্য যে, বহু সময়ত ট্ৰেফিক চিগনেলৰ লাইটবোৰ ঠিক নথকাত সংঘটিত হৈ আহিছে বহু দুৰ্ঘটনা ৷


সম্প্ৰতি স্মাৰ্ট চিটীক লৈ কোনো পৰিকল্পনা লোৱা নাই মন্ত্ৰী অশোক সিংঘালে। সোমবাৰে বাজপেয়ী ভৱনত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে সদৰি কৰিলে গুৱাহাটীক লৈ দেখা সপোনৰ কথা ৷ অৱশ্যে হাতে কামে মন্ত্ৰী অশোক সিংঘালে গুৱাহাটীৰ সমস্যা সমাধানত কিমান সফল হয়, সেয়া সময়তহে স্পষ্ট হ'ব।
Published by:Himangshu Bhuyan
First published: