• Home
  • »
  • News
  • »
  • assam
  • »
  • দুদিনীয়া ভ্ৰমণ সামৰি দিল্লীলৈ উভতিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সীমান্তত ১২টা পথ মুকলি কৰি চীনক দিলে সকীয়নি।

দুদিনীয়া ভ্ৰমণ সামৰি দিল্লীলৈ উভতিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সীমান্তত ১২টা পথ মুকলি কৰি চীনক দিলে সকীয়নি।

দিল্লীলৈ উৰা মৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰে মা কামাখ্যা ধাম !

দিল্লীলৈ উৰা মৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰে মা কামাখ্যা ধাম !

দিল্লীলৈ উৰা মৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰে মা কামাখ্যা ধাম !

  • Share this:
দুদিনীয়া ভ্ৰমণসূচী সামৰি দিল্লীলৈ উৰা মাৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।বৃহস্পতিবাৰে অসমলৈ আহিছিল দেশৰ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ সীমান্ত পথ সংস্থা (BRO)ই নিৰ্মাণ কৰা অসম অৰুণাচল সীমান্তৰ ১২টা পথ উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৷

শুকুৰবাৰে পুৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দৰ্শন কৰে শক্তিপীঠ কামাখ্যা মন্দিৰ ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে শক্তিপীঠত সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ পল্লৱ লোচন দাস ৷

শক্তিপীঠ মা কামাখ্যা দৰ্শন পাছতে ৰাজনাথ সিঙে সাক্ষাৎ কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক ৷ জয়ন্ত বৰুৱাক সৌজন্যমূলক সাক্ষাতৰ পাছতে ৰাজনাথ সিঙে পৰিদৰ্শন কৰে সৰুসজাইৰ কোভিড কেয়াৰ হাস্পতাল ৷ ১০ জুনত আনুষ্ঠানিকভাৱে মুকলি কৰা ৩০০ বিচনাযুক্ত DRDO অধীনৰ হাস্পতালখন পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷
Published by:Manjumoni Borah
First published: