• Home
  • »
  • News
  • »
  • assam
  • »
  • দীপৰ বিলৰ পৰা স্থানান্তৰিত হ'ব নেকি ৰে'লৱে ট্ৰেক ? দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধন আৰু প্ৰদূষণ ৰুধিবলৈ কি কি পৰিকল্পনা কৰিছে দুই মন্ত্ৰীয়ে ?

দীপৰ বিলৰ পৰা স্থানান্তৰিত হ'ব নেকি ৰে'লৱে ট্ৰেক ? দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধন আৰু প্ৰদূষণ ৰুধিবলৈ কি কি পৰিকল্পনা কৰিছে দুই মন্ত্ৰীয়ে ?

মহানগৰ গুৱাহাটীৰ উপকণ্ঠীয় অঞ্চলত অৱস্থিত দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ।

  • Share this:
মহানগৰ গুৱাহাটীৰ উপকণ্ঠীয় অঞ্চলত অৱস্থিত দীপৰ বিলৰ সৌন্দৰ্যবৰ্ধনৰ জৰিয়তে অধিক পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে পদক্ষেপ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে বুধবাৰে সন্ধিয়া জনতা ভৱনত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকত দীপৰ বিলৰ সৌন্দৰ্য বৃদ্ধি সম্পৰ্কে আলোচনা কৰা হয় । মন্ত্ৰী সিংঘাল, পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত সাহাই, গুৱাহাটীৰ বন সংমণ্ডল বিষয়াৰ লগতে অন্যান্য বিষয়াসকলৰ উপস্থিত থাকে ৷

দুই মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত দীপৰ বিলৰ জলাহভূমিৰ কিছু অংশত দেখা যোৱা পানী প্ৰদূষণ আৰু পেলনীয়া সামগ্ৰীৰ নিষ্কাষণৰ বিষয়ে আলোচনা কৰা হয় । বৈঠকত জলাহভূমিৰ সংবেদনশীল পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ৰেলপথটি পুন:স্থানান্তৰিত কৰাৰ বিষয়টো উত্থাপিত হয় ।

পৰিৱেশ তথা বন মন্ত্ৰী শুক্লবৈদ্যই কয়- “বন বিভাগৰ পৰা ইতিমধ্যে দীপৰ বিলৰ পৰা ৰে'লৱে ট্ৰেক স্থানান্তৰিত কৰাৰ বাবে ভাৰত চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে ৷ জলাহভূমিৰ কাষেৰে পাৰ হৈ যোৱা ৰে'লপথটোৰ বাবে শব্দ প্ৰদূষণ হয় আৰু পৰিভ্ৰমী চৰাইসমূহৰ বাবে সমস্যাৰ সৃষ্টি হৈ আহিছে ৷ এই অঞ্চলটি ইকো চেনচিটিভ অঞ্চল ঘোষণা হোৱাৰ পিছত ৰাষ্ট্ৰীয় গ্ৰীন ট্ৰিবিউনেল কৰ্তৃপক্ষৰ পৰা এইক্ষেত্ৰত অনুমতি পোৱা যাব ।পৰ্যটকসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ৰাস্তাৰ কাষে কাষে বাইচাইকেলৰ বাবে এক বিশেষ পথ নিৰ্মাণৰ বিষয়ে কৰ্তৃপক্ষই চিন্তা-চৰ্চা কৰা হৈছে ।”

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰীৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত দীপৰ বিল হ’ল এক প্ৰকৃতিৰ এক অনুপম স্থান, বছৰজুৰি পানীৰে ভৰা এক জলাশয়  । ৪১৪ হেক্টৰ অঞ্চলজুৰি বিয়পি থকা এই জলাহভূমি এক পক্ষী অভয়াৰণ্য য’ত প্ৰায় ৭০ টা পৰিভ্ৰমী চৰাইৰ উপৰিও ২০০ প্ৰজাতিৰ চৰাইৰ বাসস্থান । হাতীসমূহৰ বাবেও এই জলাহভূমি এক প্ৰধান অহা-যোৱা কৰা বাট ।
Published by:Kokil Sarma
First published: