মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Govt Appointment Assam : নিযুক্তি নে বিলুপ্তি? ৫ বছৰে খালী হৈ আছে ১ লাখৰ অধিক পদ। শৰ্মা চৰকাৰে দিবনে নিযুক্তি?

Govt Appointment Assam : নিযুক্তি নে বিলুপ্তি? ৫ বছৰে খালী হৈ আছে ১ লাখৰ অধিক পদ। শৰ্মা চৰকাৰে দিবনে নিযুক্তি?

News18 Assam | News18-Assam
Updated:July 13, 2021, 5:46 PM IST
Govt Appointment Assam : নিযুক্তি নে বিলুপ্তি? ৫ বছৰে খালী হৈ আছে ১ লাখৰ অধিক পদ। শৰ্মা চৰকাৰে দিবনে নিযুক্তি?
representative image

৫ বছৰ ধৰি কোনো চৰকাৰী পদ খালী হৈ থাকিলে আইনযোগে পদসমূহ অপ্ৰয়োজন বুলি বিলুপ্তি ঘটাব পাৰি ৷ দেৱব্ৰত শইকীয়াৰ মন্তব্য।

  • Share this:
ৰাজ্যৰ অন্যতম বৃহৎ সমস্যাটোৱেই হৈছে নিবনুৱা সমস্যা ৷ প্ৰত্যেকখন চৰকাৰে এই ভয়ংকৰ সমস্যাটো সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে যদিও এই সমস্যা সমস্যা হৈয়েই থাকে ৷ এইবাৰো চৰকাৰে ১ বছৰত ১ লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে। পিছে এই খালী পদবোৰত নিযুক্তিৰ বিপৰীতে পদবোৰ হ'ব নেকি বিলুপ্ত? এই আশংকা কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷

আপুনি জানি আচৰিত হ'ব  অসম চৰকাৰৰ বিভিন্ন বিভাগত খালী হৈ আছে মুঠ ১ লাখ ৭ হাজাৰ ১৪৯ (১,০৭,১৪৯)টা বিষয়া-কৰ্মচাৰীৰ পদ ৷  ২০১৬চনৰ পৰা বৰ্তমানলৈ ৰাজ্যৰ ৫০টা বিভাগত খালী হৈ আছে এই লক্ষাধিক সংখ্যাৰ পদ ৷

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আশংকা প্ৰকাশ কৰে যে এই খালী পদ সমূহ বিলুপ্তি ঘটিব নেকি?  কিয়নো ৫ বছৰ ধৰি কোনো চৰকাৰী পদ খালী হৈ থাকিলে এক বিশেষ আইনযোগে পদসমূহ অপ্ৰয়োজন বুলি বিলুপ্তি ঘটাব পাৰি ৷ ২০১৬ৰ পৰা বৰ্তমানলৈ অকল শিক্ষা বিভাগতে সৰ্বাধিক ৫০,৪৬৫টা পদ খালী হৈ আছে ৷

একেদৰে গৃহ আৰু ৰাজনৈতিক বিভাগত খালী হৈ আছে ২০,২৪৮টা পদ ৷ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত খালী হৈ আছে ৯,৩৫৩টা পদ ৷ পৰিৱেশ আৰু বন বিভাগত খালী আছে ২,৯১৮টা পদ আৰু জলসিঞ্চন বিভাগত খালী আছে ২,২৫৩টা পদ ৷ লোক নিৰ্মাণ বিভাগত খালী আছে ১,৩০৮টা পদ ৷

একেদৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগত খালী ১,১৩৯টা পদ ৷ গুৱাহাটী উন্নয়ন বিভাগত খালী আছে ১,০৯২টা পদ ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগত খালী আছে ১,০০৫টা পদ ৷ পৰিৱহণ বিভাগত খালী হৈ আছে ১,০০১টা পদ ৷ মন কৰিব লগীয়া কথাটো হ'ল এই সময়ছোৱাত শিক্ষা,  লোক নিৰ্মাণ, স্বাস্থ্য আদি বিভাগৰ দায়িত্বত আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

দেৱব্ৰত শইকীয়াই এই প্ৰসংগত ক'লে, "সেই সময়ত তেওঁ বিত্ত মন্ত্ৰীৰ দায়িত্বতো আছিল ৷ ৰাজকোষৰ হয়তো তলি উদং আছিল যাৰ বাবে পদ সমূহ পুৰণ কৰাত অসমৰ্থ হ'ল ৷" দেৱব্ৰত শইকীয়াৰ দাবী, চৰকাৰে শীঘ্ৰেই পুৰণ কৰক খালী পদ সমূহ ৷

অৱশ্যে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয়, "খালী পদসমূহৰ ক্ষেত্ৰত কেবিনেটে সিদ্ধান্ত লৈছে ৷ খালী পদ পূৰণৰ লগতে নতুন পদ সৃষ্টিৰ ক্ষেত্ৰত সুক্ষ্মভাৱে পৰ্যালোচনা কৰা হ'ব ৷ অপ্ৰয়োজনীয় খালী পদ পূৰণৰ সলনি নতুন পদ সৃষ্টিত অধিক গুৰুত্ব দিব চৰকাৰে ৷"
Published by: Manjumoni Borah
First published: July 13, 2021, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি