গুৱাহাটী মহানগৰত দিন ডকাইতি, মহিলাৰ পৰা কাঢ়ি নিলে বৃহৎ পৰিমাণৰ ধন

News18-Assam
Updated:November 21, 2019, 3:33 PM IST
গুৱাহাটী মহানগৰত দিন ডকাইতি, মহিলাৰ পৰা কাঢ়ি নিলে বৃহৎ পৰিমাণৰ ধন
বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা

বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা

  • Share this:
গুৱাহাটী মহানগৰত  প্ৰায়ে সংঘটিত হ’বলৈ লৈছে অপৰাধ জনিত ঘটনা। মহানগৰৰ যিকোনো প্ৰান্তৰ পৰা প্ৰায়ে আহে অপৰাধ জনিত বাতৰি। এইবাৰ গুৱাহাটী মহানগৰৰ নুনমাটিত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা। নুনমাটি ষ্টেটবেংকৰ পৰা ধন উলিয়াই আনিছিল অষ্টমী ভৰালী নামৰ এগৰাকী মহিলা। সেইসময়তে ডকাইতৰ দলে কাঢ়ি লৈ যায় মহিলাগৰাকীৰ হাতত থকা ৫০,০০০ হাজাৰ টকা। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১১ বজাত সংঘটিত হয় এই ঘটনা। ঘটনা সন্দৰ্ভত মহিলাগৰাকীয়ে নুনমাটি আৰক্ষী চকীত এতিয়া এজাহাৰ দাখিল কৰিছে।

 

 
আৰু চাওক
পৰৱৰ্তী বাতৰি