পাঞ্জাবাৰীৰ বতাহঘুলিত জব্দ ৩০ লাখ টকাৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য। জব্দ ৩০৩ গ্ৰাম ড্ৰাগছ।
পাঞ্জাবাৰীৰ বতাহঘুলিত জব্দ ৩০ লাখ টকাৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য। জব্দ ৩০৩ গ্ৰাম ড্ৰাগছ।
ৰাজ্য ৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটীতো ধাৰাবাহিকভাৱে জব্দ হৈছে নিচাযুক্ত দ্ৰব্য। আজি সন্ধিয়া গুৱাহাটীৰ পাঞ্জাবাৰীৰ বতাহঘুলিত ক্ৰাইম ব্ৰান্সৰ অভিযানত জব্দ হয় ৩০ লাখ টকাৰো অধিক মূল্যৰ নিচাযুক্ত দ্ৰব্য। অভিযানত জব্দ কৰে প্ৰায় ৩০৩ গ্ৰাম ড্ৰাগছ।
ড্ৰাগছখিনিৰ লগতে লামখম নাংতে নামৰ মণিপুৰৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় ম্যানমাৰৰ পৰা ড্ৰাগছখিনি অনাৰ সন্দেহ কৰিছে ক্ৰাইম ব্ৰান্সৰ দলে।
বিগত সাত মাহে পাঞ্জাবাৰীৰ গৃহ নং ৫১ত নাগালেণ্ড পুলিচ বুলি ভাড়াতীয়া হিচাবে আছিল ড্ৰাগছ সৰবৰাহকাৰী নাংতে । গ্ৰেপ্তাৰৰ পাছত নাংতেক লৈ পুনৰ ক্ৰাইমব্ৰাঞ্চে অভিযান চলাব মহানগৰীৰ বিভিন্ন স্থানত।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|