চাঞ্চল্যকৰ ঘটনা, মহানগৰীত ৭ যুৱকৰ দলে দাৰে ঘপিয়ালে ২ যুৱকক

পুৱতি নিশা মহানগৰৰ ছয়মাইলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা

News18-Assam
Updated:July 27, 2019, 10:22 AM IST
চাঞ্চল্যকৰ ঘটনা, মহানগৰীত ৭ যুৱকৰ দলে দাৰে ঘপিয়ালে ২ যুৱকক
Source-Google
News18-Assam
Updated: July 27, 2019, 10:22 AM IST
নিশাৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ছয়মাইলত ৭ যুৱকৰ দলে ঘপিয়ালে ২ যুৱকক। নিশা পথ এৰি নিদিয়াক কেন্দ্ৰ কৰি সংষটিত হয় এই ঘটনা। গণেশগুৰিৰৰ দিশৰ পৰা গৈ আছিল যুৱকৰ দলটো। ২ যুৱকে পথ এৰি দিবলৈ হৰ্ণ বজাইছিল। হৰ্ণ বজাওঁতেই আক্ৰমণ কৰে যুৱকৰ দলটোৱে। আহত যুৱক দুজন কৃষ্ণ শৰ্মা আৰু মহিবুল ইছলাম বুলি জানিব পৰা গৈছে। সম্প্ৰতি ৫ যুৱকক আটক কৰিছে আৰক্ষীয়ে।
ধৃত ঋষিৰাজ চেতিয়া, দীপক সিং,অভিশেষ নায়ক, ৰাহুল ডিক’জ, বিসান মুখাৰ্জীও আৰক্ষীৰ জালত। সকলো কৰ্মৰত অৰাভেল ট্ৰেভেলচ প্ৰাইভেট লিমিটেডত।পুৱতি নিশা ৩ বজাত সংঘটিত এই ঘটনা।
আৰু চাওক পৰৱৰ্তী বাতৰি