• Home
  • »
  • News
  • »
  • assam
  • »
  • Corona In Assam : গুৱাহাটীৰ শ্মশানত নিতৌ জ্বলিছে শাৰী শাৰী চিতা। মহানগৰীত কোৰোণা আক্রান্ত লোকৰ সংখ্যা বৰ্তমানেও উদ্বেগজনক।

Corona In Assam : গুৱাহাটীৰ শ্মশানত নিতৌ জ্বলিছে শাৰী শাৰী চিতা। মহানগৰীত কোৰোণা আক্রান্ত লোকৰ সংখ্যা বৰ্তমানেও উদ্বেগজনক।

১ এপ্রিলৰ পৰা ২৫ মে’লৈ চাৰি শ্মশান আৰু কবৰস্থানত ১,১৪০ জন লোকৰ অন্ত্যেষ্টিক্রিয়া। ২৫ মে’লৈ কামৰূপ মহানগৰত ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰা হৈছে।

১ এপ্রিলৰ পৰা ২৫ মে’লৈ চাৰি শ্মশান আৰু কবৰস্থানত ১,১৪০ জন লোকৰ অন্ত্যেষ্টিক্রিয়া। ২৫ মে’লৈ কামৰূপ মহানগৰত ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰা হৈছে।

১ এপ্রিলৰ পৰা ২৫ মে’লৈ চাৰি শ্মশান আৰু কবৰস্থানত ১,১৪০ জন লোকৰ অন্ত্যেষ্টিক্রিয়া। ২৫ মে’লৈ কামৰূপ মহানগৰত ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰা হৈছে।

  • Share this:
কোৰোণাৰ বিভীষিকাত স্তব্ধ হৈ পৰিছে জনজীৱন ৷ মহামাৰী কোভিড–১৯ৰ দ্বিতীয় ঢৌত গুৱাহাটী মহানগৰীত ৰাজ্যৰ ভিতৰতে সর্বাধিক লোক আক্রান্ত হৈছে ৷ কোৰণা আক্রান্ত লোকৰ সংখ্যা বৰ্তমানেও উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ লগতে মহানগৰীত মৃতকৰ সংখ্যাও প্রতিদিনে বৃদ্ধি পাইছে।

২১ মে’ৰ পৰা ২৫ মে’লৈকে গুৱাহাটী মহানগৰীত ক’ৰোনাত আক্রান্তৰ সংখ্যা হ্রাস  পাইছিল যদিও মৃতকৰ সংখ্যা হ্রাস পোৱা নাই ৷  মৃত্যু হোৱা লোকৰ চিতা শাৰী শাৰীকৈ জ্বলিছে মহানগৰীৰ শ্মশানত ৷

১ এপ্রিলৰ পৰা ২৫ মে’লৈ মুঠ ১,১৪০গৰাকী লোকৰ মৃতদেহ কোভিড বিধি অনুসৰি  মহানগৰ জিলা প্রশাসনে ভূতনাথ শ্মশান, উলুবাৰী শ্মশানত সৎকাৰ কৰাৰ উপৰি আঠগাঁও আৰু শৰণীয়া কবৰস্থানত জানাজা সম্পন্ন কৰিছে ৷

কেৱল গুৱাহাটীতে এপ্রিল মাহত কোৰোণাত মৃত্যু হোৱা ২২৭গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে ৷ মে’ মাহৰ ২৫ তাৰিখলৈ কামৰূপ মহানগৰ জিলা প্রশাসনে সর্বাধিক ৯১৩গৰাকী লোকৰ মৃতদেহ সৎকাৰ কৰিছে। মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰ জিলা প্রশাসনে বশিষ্ঠ আৰু বতাহঘুলি শ্মশানত মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰিছে ৷ কিন্তু এতিয়ালৈ এই শ্মশান দুখন ব্যৱহাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷

উল্লেখনীয় যে বিগত বর্ষৰ মার্চ মাহৰ পৰা চলিত বর্ষৰ মে’ মাহলৈ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা দুহাজাৰৰো অধিক লোকৰ মৃতদেহ কামৰূপ মহানগৰ জিলা প্রশাসনে সৎকাৰ কৰিছে৷
Published by:Manjumoni Borah
First published: