• Home
  • »
  • News
  • »
  • assam
  • »
  • ভাল খবৰ ! কামৰূপ মহানগৰ জিলাত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ হাৰ ৷

ভাল খবৰ ! কামৰূপ মহানগৰ জিলাত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ হাৰ ৷

২৮ মে'ত ৫৯৫ গৰাকী, ২৯ মে'ত ৫৮০ গৰাকী, ৩০ মে'ত ৪২২ গৰাকী, ৩১ মে'ত ৪৪৫ গৰাকী আৰু ১ জুনত ৪০৩ গৰাকী গৰাকী লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত ৷

  • Share this:
কোৰোণাৰ সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ সময়ত কামৰূপ মহানগৰ জিলাত দৈনিক আক্ৰান্ত হৈছিল ১৬০০ৰ অধিক লোক ৷ পিছে সেই ভয়ংকৰ সংক্ৰমণ আৰু আক্ৰান্তৰ বৃহৎ সংখ্যাৰ পৰা ক্ৰমাৎ স্বাভাৱিক পৰিবেশলৈ ঘূৰি অহা দিশে কামৰূপ মহানগৰ জিলা।

২৮ মে'ত ৫৯৫ গৰাকী, ২৯ মে'ত ৫৮০ গৰাকী, ৩০ মে'ত ৪২২ গৰাকী, ৩১ মে'ত ৪৪৫ গৰাকী আৰু ১ জুনত ৪০৩ গৰাকী লোক আক্ৰান্ত হৈছে কামৰূপ মহানগৰ জিলাত ৷ এই তথ্য অনুসৰি কামৰূপ মহানগৰ জিলাত শেহতীয়া পাঁচ দিনত ক্ৰমাগতভাৱে হ্ৰাস পাইছে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ এয়া নিশ্চয়কৈ জিলাখনৰ বাবে এক আশাৰ বতৰা ৷

অৱশ্যে এই সময়তো জনতাক অধিক সাৱধানতা অৱলম্বন কৰাৰ আহ্বান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অচ্যুৎ বৈশ্যৰ ৷ অধ্যক্ষৰ তথ্য অনুসৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ চাৰিখন চিকিৎসালয়ত বুধবাৰৰ দিনটোত খালী আছে প্ৰায় ১৬০০ বিচনা ৷ একেদৰে কোভিড ICU খালী আছে বুলি জানিবলৈ দিয়ে ৷ কোভিডৰ সকলো নীতি নিয়ম মানি জনতা ঘৰতে থাকিলে অনাগত এসপ্তাহৰ ভিতৰত ২০০ৰ তললৈ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাব বুলি আত্মবিশ্বাসী অধ্যক্ষগৰাকী ৷
Published by:Manjumoni Borah
First published: