কোভিড সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত ৰাজ্যত, কাছাৰত সৰ্বাধিক আক্ৰান্ত

News18 Assam | News18-Assam
Updated:June 8, 2021, 9:42 PM IST
কোভিড সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত ৰাজ্যত, কাছাৰত সৰ্বাধিক আক্ৰান্ত
কোভিড সংক্ৰমণৰ হাৰ আছিল ২.৯৬ শতাংশ।

কোভিড সংক্ৰমণৰ হাৰ আছিল ২.৯৬ শতাংশ।

  • Share this:

কোভিডৰ সংক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত আছে ৰাজ্যত। অৱশ্যে পূৰ্বৰ তুলনাত আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস হোৱা দেখা গৈছে যদিও জিলা বিশেষে আক্ৰান্তৰ সংখ্যা তুলনামূলকভাৱে কিছু বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত ৰাজ্যত আক্ৰান্ত হয় ৩৯৪৮গৰাকী লোক। ইয়াৰে কাছাৰ জিলাত সৰ্বাধিক ৩৯৪গৰাকী লোক আক্ৰান্ত হয়। নগাঁও আৰু ডিব্ৰুগড় জিলাতো ক্ৰমে ২৪৭ আৰু ২৪৩গৰাকী আক্ৰান্ত হয় কোভিডত।


ৰাজ্যত মুঠ ১৩৩২১২গৰাকীৰ কোভিড টেষ্ট কৰা হয় দিনটোত। কোভিড সংক্ৰমণৰ হাৰ আছিল ২.৯৬ শতাংশ। আনহাতে কামৰূপ মহানগৰ জিলাত কোভিডত আক্ৰান্ত হয় ৩৪১ গৰাকী লোক। দুৰ্ভাগ্যজনভাৱে আজিও কোভিডত প্ৰাণ হেৰুৱাই ৪৩ গৰাকী লোকে। ৰাজ্যখনত বৰ্তমান ৪৯,১৫৮টা কোভিডৰ সক্ৰিয় কেছ আছে। কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৮৭.৭৫ শতাংশ।

Published by: Gautam Barman
First published: June 8, 2021, 9:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি