Assam New SOP: ১ বজাৰ পৰিৱৰ্তে গুৱাহাটীত ২ বজাৰ পৰা কাৰ্ফিউ, ২২জুনলৈ জাৰি কৰা নতুন নিৰ্দেশাৱলীৰ সবিশেষ জানক

News18 Assam | News18-Assam
Updated:June 15, 2021, 8:32 PM IST
Assam New SOP: ১ বজাৰ পৰিৱৰ্তে গুৱাহাটীত ২ বজাৰ পৰা কাৰ্ফিউ, ২২জুনলৈ জাৰি কৰা নতুন নিৰ্দেশাৱলীৰ সবিশেষ জানক

  • Share this:
Covid-19 New SOP: অসম চৰকাৰৰ নতুন SOP জাৰি। ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নতুন SOP ২২জুনলৈ জাৰি থাকিব। গুৱাহাটী মহানগৰীত দোকান–পোহাৰ খোলা থকা সময় এঘণ্টা বৃদ্ধি কৰা হৈছে। আনহাতে ২১ জুনৰ পিছত পৰিস্থিতি উন্নত নহ’লে তিনিচুকীয়া, ডিব্ৰুগড়, নগাওঁ, কাচাৰ আৰু শোণিতপুৰত সম্পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনা ব্যক্ত কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

নতুন নিৰ্দেশাৱলী অনুসৰিঃ


  • বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।

  • গুৱাহাটীত ২ বজাৰ পৰা হ’ব কাৰ্ফিউ।

  • গুৱাহাটীত ১ বজালৈ খোলা থাকিব দোকান–পোহাৰ।

  • ২২ জুনলৈ বন্ধ থাকিব আন্তঃজিলা যাতায়াত।


  • ৮ খন জিলাত বিয়লি ৫ বজাৰ পৰা কাৰ্ফিউ। ৰাজ্যৰ ৮ খন জিলা ক্ৰমে দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ, চিৰাং, ডিমা হাছাও, মাজুলী, উদালগুৰি আৰু বঙাইগাঁও জিলাত আবেলি ৫ বজাৰ পৰা পুৱা ৫টা লৈকে বলৱৎ থাকিব।

  • তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিপুৰত কঠোৰ দৃষ্টি।

  • কাছাৰ জিলাতো কঠোৰ হ’ব প্ৰশাসন।

  • ২১ জুনলৈ ক’ভিড সংক্ৰমণ পৰ্যালোচনা কৰা হ’ব।

  • ভেকচিনৰ দুটা ড'জ লোৱা কৰ্মচাৰীসকল আহিব লাগিব কাৰ্যালয়লৈ। অবশ্যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ৰেহাই।

  • দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত বিয়লি ৫বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ।

  • ৫ বজাৰ পৰা কাৰ্ফিউ দিয়া জিলাকেইখনত বিয়লি ৪ বজালৈ খোলা থাকিব দোকান।

  • বাকী জিলাসমূহত ১ বজাৰ পৰা বাহাল থাকিব কাৰ্ফিউ।

  • ধৰ্মীয় অনুষ্ঠান,বিবাহ,সৎকাৰত ১০জনে অংশ ল’ব পাৰিব।

  • ৰাজ্যত বন্ধ থাকিব সকলো ধৰ্মীয় অনুষ্ঠান।

  • বন্ধ থাকিব সাপ্তাহিক বজাৰ–হাট।

  • গ্ৰামাঞ্চলত ১০ শতাংশ আৰু চহৰাঞ্চলত ১০ শতাংশ ক'ভিড হোৱা এলেকাক জিলা উপায়ুক্তই কনটেনমেন্ট জ'ন ঘোষণা কৰিব।

  • পাঁচখন জিলা ক্ৰমে কাছাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁওত অপৰিবৰ্তিত থাকিব। তাত প্ৰশাসন অধিক কঠোৰ হ'ব। ২১ জুন লৈকে পৰিস্থিতি অপৰিবৰ্তিত থাকিলে তাত লকডাউন দিয়া হ'ব পাৰে।

First published: June 15, 2021, 5:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি