মঙলবাৰে পুৱা ১০ বজাৰ আৰম্ভ হোৱা নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ ৩,৪২৭ গৰাকী শিক্ষাৰ্থীয়ে ভোটদান কৰে।
মঙলবাৰে পুৱা ১০ বজাৰ আৰম্ভ হোৱা নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ ৩,৪২৭ গৰাকী শিক্ষাৰ্থীয়ে ভোটদান কৰে।
মঙলবাৰে অনুষ্ঠিত হয় কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা ২০২১-২২ৰ বৰ্ষৰ সাধাৰণ নিৰ্বাচন। এইবাৰৰ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি সৰ্বমুঠ ১৬টা পদত ৪৫ গৰাকীয়ে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। মঙলবাৰে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত সভাপতি পদত দিগন্ত বৈশ্য, নিয়ৰ ডেকা আৰু প্ৰিয়ম ভাগৱতীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে উপ-সভাপতি পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে টিনা দেউৰী, জবা শইকীয়া, মানসী বৰুৱাই। ঠিক সেইদৰে সাধাৰণ সম্পাদক পদত অভিষেক মহন্ত, ঋষিকেশ মেধি আৰু প্ৰাঞ্জল সোণোৱালে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে সহঃ সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে অন্তৰীপা শইকীয়া, অনুপম মালি আৰু জুমি গগৈয়ে।
উল্লেখ্য যে, মঙলবাৰে পুৱা ১০ বজাৰ আৰম্ভ হোৱা নিৰ্বাচনত বিশ্ববিদ্যালয়খনৰ ৩,৪২৭ গৰাকী শিক্ষাৰ্থীয়ে ভোটদান কৰে। ভোটগণনা আঝি পুৱা ১০ বজাৰ পৰা আৰম্ভ হ'ব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে বিয়লি পৰ্যন্ত লাভ কৰিব ছাত্ৰ একতা সভা ২০২১-২২ৰ বিষয়-ববীয়াসকল। সেয়েহে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈছে আজিৰ দিনটোলৈ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|