• Home
  • »
  • News
  • »
  • assam
  • »
  • World Children’s Day: কটন বিশ্ববিদ্যালয় আৰু ইউনিচেফ অসমৰ উদ্যোগত বিশ্ব শিশু দিৱস ২০২২ উদযাপন

World Children’s Day: কটন বিশ্ববিদ্যালয় আৰু ইউনিচেফ অসমৰ উদ্যোগত বিশ্ব শিশু দিৱস ২০২২ উদযাপন

২০ নৱেম্বৰত বিশ্ব শিশু দিৱস উপলক্ষে নীলা আলোকৰে সজাই তোলা হয় গুৱাহাটী মহানগৰীৰ দুই মনোৰম স্থান।

২০ নৱেম্বৰত বিশ্ব শিশু দিৱস উপলক্ষে নীলা আলোকৰে সজাই তোলা হয় গুৱাহাটী মহানগৰীৰ দুই মনোৰম স্থান।

বিশ্ব শিশু দিৱসত এই বিশেষ স্থানসমূহ নীলা হৈ যোৱাটোৱে প্ৰতিটো শিশুৰ অধিকাৰৰ পক্ষত থিয় দিয়া ইউনিচেফৰ আদৰ্শক প্ৰতিনিধিত্ব কৰে। এইবাৰ অসমৰ কটন বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এক অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটীত ‘গ’ ব্লু’ হিচাপে আলোকসজ্জিত কৰা হয়।

  • Share this:
কালি ২০ নৱেম্বৰৰ সন্ধিয়া ৫ বজাত গুৱাহাটী মহানগৰৰ দুটা মূল স্থান অৰ্থাৎ পাণবজাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ আৰু দিছপুৰৰ লাষ্ট গেটৰ ক্লক টাৱাৰ নীলা পোহৰেৰে আলোকিত কৰি তোলা হয়।

উল্লেখযোগ্য যে, ২০ নৱেম্বৰত বিশ্ব শিশু দিৱস উপলক্ষে নীলা আলোকৰে সজাই তোলা হয় এই দুই মনোৰম স্থান। এই বিশেষ দিৱস উপলক্ষে আলোকসজ্জিত কৰা চকুতলগা দুয়ো স্থানে পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।


বিশ্ব শিশু দিৱসৰ পবিত্ৰ ক্ষণত, ১৫০ বছৰ পুৰণি, ঐতিহাসিক ব্ৰিটিছ যুগৰ ডিচি বাংলো যিটো বৰ্তমান মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ আৰু লাষ্ট গেটৰ ক্লক টাৱাৰৰ এই নান্দনিক আলোকসজ্জাই মহানগৰবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

উল্লেখযোগ্য যে, বিশ্ব শিশু দিৱসত এই বিশেষ স্থানসমূহ নীলা হৈ যোৱাটোৱে প্ৰতিটো শিশুৰ অধিকাৰৰ পক্ষত থিয় দিয়া ইউনিচেফৰ আদৰ্শক প্ৰতিনিধিত্ব কৰে। এইবাৰ অসমৰ কটন বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এক অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটীত ‘গ’ ব্লু’ হিচাপে আলোকসজ্জিত কৰা হয়। ইয়াৰ জৰিয়তে ইউনিচেফ অসমৰ সৈতে প্ৰতিজন শিশুৰ বাবে এখন উন্নত পৃথিৱী পুনৰ নিৰ্মাণ কৰাৰ যৌথ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

আলোকসজ্জা অনুষ্ঠানতটো উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু সংবাদ মাধ্যম অধ্যয়ন বিভাগৰ মুৰব্বী ড° অভিজিৎ বৰঠাকুৰে। ড° বৰঠাকুৰে এই পদক্ষেপৰ বাবে ইউনিচেফ অসম আৰু কটন বিশ্ববিদ্যালয়ৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।

দেওবাৰে সন্ধিয়া বিভাগটোৰ সহকাৰী অধ্যাপিকা ড° ছয়নিকা দত্তইও ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানৰ তাৎপৰ্য সন্দৰ্ভত বক্তব্য প্ৰদান কৰি সকলোকে বিশ্ব শিশু দিৱস ২০২২ৰ শুভেচ্ছা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে ২০২০ চনত গুৱাহাটীৰ গান্ধী মণ্ডপে একেটা অনুষ্ঠানতে নীলা আলোকসজ্জিত কৰিছিল য’ত অসমৰ শিশুসকলেও মুখ্যমন্ত্ৰীক ইস্তাহাৰ প্ৰদান কৰিছিল, আনহাতে ছাত্ৰী বন্দনা উৰাঙে দিনটোৰ বাবে মুখ্যমন্ত্ৰীৰ টুইটাৰ হেণ্ডেলৰ দায়িত্ব লয়।

বিশ্ব শিশু দিৱস হৈছে ইউনিচেফৰ শিশুৰ বাবে, শিশুৰ দ্বাৰা, ১৯৮৯ চনৰ ২০ নৱেম্বৰত শিশুৰ অধিকাৰ সম্পৰ্কীয় চুক্তিখন গ্ৰহণ কৰাৰ উপলক্ষে বিশ্বব্যাপী কাৰ্যসূচী। কলকাতাৰ হাওড়া দলঙৰ পৰা দিল্লীৰ কুতুব মিনাৰ, কণাৰ্কৰ সূৰ্য্য মন্দিৰলৈকে তথা জয়পুৰৰ হাৱা মহললৈকে ইয়াৰ পূৰ্বে এই উপলক্ষে বিভিন্ন নীলৰঙী আলোকসজ্জাৰে সজ্জিত কৰা হৈছিল।

ইউনিচেফৰ ‘গো ব্লু অভিযান’ৰ অংশ হিচাপে প্ৰতি বছৰে এই আলোকিত কাৰ্য্য পৰিবেশন কৰা হয় যিটো বিশ্বজুৰি শিশুৰ অধিকাৰৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰা হয়। এই অভিযানে শিশুসকলৰ বাবে এক সুৰক্ষিত আৰু সুস্থ পৰিৱেশ সৃষ্টিৰ বাবে বিশ্বব্যাপী সমৰ্থনক প্ৰতিনিধিত্ব কৰে।

তদুপৰি কটন বিশ্ববিদ্যালয়ে ইউনিচেফ অসম আৰু জনসংযোগ, অসমৰ সহযোগত অসমৰ দহজন সংবাদ মাধ্যমৰ ব্যক্তিক শিশুৰ অধিকাৰৰ প্ৰতিবেদন প্রশিক্ষণৰ প্রচেষ্টাত মিডিয়া ফেল’শ্বিপ আগবঢ়াইছে আৰু শিশু বিষয়ক অসমৰ সংবাদ মাধ্যমৰ আখ্যানৰ মূলসুঁতিৰ কেন্দ্ৰবিন্দুলৈ অনাৰ প্ৰয়াস কৰিছে।

"শিশুৰ অধিকাৰৰ কথা আহিলে এটাই মাথো পৰিয়াল। এই বিশ্ব শিশু দিৱসত আৰু প্ৰতিদিনে, আহক আমি একেলগে আগবাঢ়ো প্ৰতিজন শিশুৰ বাবে" বুলি ইউনিচেফ ইণ্ডিয়াই দেওবাৰে পুৱা কৰা এটা টুইটত পঢ়িবলৈ পোৱা গৈছে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি