বৰেণ্য ৰঞ্জন বৰঠাকুৰ, ঠেলামৰাৰ চক্ৰ বিষয়া
Barenya Ranjan Barthakur Arrest : এজন দালালৰ পৰা ৮ লাখ টকা দাবী কৰি অৱশেষত জালত পৰিছিল ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ।
দুৰ্নীতিগ্ৰস্ত চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ (Barenya Ranjan Barthakur)ক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে CJM আদালতে।
তদাৰকী আৰু দুৰ্নীতি নিবাৰক (Vigilence and Anti-Corruption) শাখাই ৪ দিনৰ বাবে আৰক্ষী জিম্মালৈ বিচাৰিছিল যদিও আদালতে ৩ দিনৰ অনুমতি দিয়ে।
শোণিতপুৰ জিলাৰ ঠেলামৰা ৰাজহ চক্ৰ (Thelamara Circle Officer)ৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ।
পূৰ্বে গ্ৰেপ্তাৰ হোৱা ঠেলামৰাৰ লাট মণ্ডল গুলজাৰ হুছেইন (Lat Mandal Guljar Hussain)ৰ ভাষ্যৰ ভিত্তিত শনিবাৰে নিশা মহানগৰীৰ কাহিলীপাৰাৰ পৰা তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল বৰেণ্য ৰঞ্জন বৰঠাকুৰক।
উল্লেখ্য যে দালাল (Dalal)ৰ ওপৰত ছুপাৰ দালালি আৰম্ভ কৰিছিল এইজন বৰেণ্য ৰঞ্জন বৰঠাকুৰে। মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে যি অভিযান আৰম্ভ কৰিছিল তাৰ বাবে প্ৰস্তুত কৰা দালালৰ তালিকাৰ পৰা দালালৰ নাম কৰ্তন কৰাৰ নামত জালাৰ পৰা ধন দাবী কৰিছিল চক্ৰ বিষয়াজনে। এজন দালালৰ পৰা ৮ লাখ টকা দাবী কৰি অৱশেষত জালত পৰিল বৰেণ্য ৰঞ্জন।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|