Covid19 in Assam : গুৱাহাটীত ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই ।
Covid19 in Assam : গুৱাহাটীত ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই ।
ৰাজ্যত প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈছে ক’ভিডৰ (Covid19 in Assam) সংক্ৰমণ। ইয়াৰ মাজতে দৈনিক ১০ হাজাৰ বা ততোধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে GMCHৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই। লগতে তেওঁ কয়, "গুৱাহাটীত ৪০ শতাংশ মানুহে মাস্ক পিন্ধা নাই। একাংশই নাকৰ তলত মাস্ক পিন্ধিছে। সমাগম হোৱা স্থানত বেছিভাগ মানুহে সতৰ্কতা মানি চলা নাই। যাৰ ফলত গুৱাহাটী উত্তৰ-পূৱৰ হাব হোৱাৰ বাবে ক’ভিড কেছ গুৱাহাটীত বৃদ্ধি পাইছে। এতিয়া ক’ভিড হ’লে জ্বৰ নহ’বও পাৰে। জ্বৰ নহ’লেও যদি পেটৰ বিষ, দুৰ্বলতাৰ লক্ষণ যদি দেখা পাই তেনেহ’লে চিকিৎসালয়লৈ আহিবলৈ আহ্বান শৰ্মাৰ।"
তেওঁ আৰু কয়, "অখিল গগৈৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। বৰ্তমান হোম আইছোলেচনতে আছে অখিল গগৈ। এমাহৰ বাবে শিশুসকল ঘৰত থাকক, বাহিৰত যাব নালাগে। অ’মিক্ৰন অধিক শক্তিশালী আৰু সোনকালে সংক্ৰমিত হয়। ২৩৫ জন ক’ভিড আক্ৰান্ত লোকে কালি GMCHৰ পৰা হোম আইছোলেচন লৈছে। ২৫০ জন ৰোগী GMCHত আৰু ২৫০জন সৰুসজাইত আছে। ১২০০ বেড GMCHত খালী আছে। সৰুসজাই হাস্পতাল, কালাপাহাৰ হাস্পতাল, MMCH এতিয়াও খালী আছে। অন্য ৰোগত আক্ৰান্ত হৈ বা দুৰ্ঘটনা হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱা লোকৰহে ক’ভিডত মৃত্যু বেছি হৈছে। এই সমূহ লোকৰ কিছু লোকৰ টেষ্ট কৰাত ক’ভিড ধৰা পৰিছে আৰু সেইহেতু ক’ভিডত মৃত্যু হোৱা বুলি ধৰা হৈছে। ৯ জন শিশু GMCHৰ বেবী ICUত চিকিৎসাধীন হৈ আছে।"
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|