உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Covid19 in Guwahati School: গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী ক'ভিড পজিটিভ, অনিৰ্দিষ্ট কাললৈ বিদ্যালয় বন্ধ

    Covid19 in Guwahati School: গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠানৰ ৩০ গৰাকী শিক্ষক-শিক্ষয়ত্ৰী ক'ভিড পজিটিভ, অনিৰ্দিষ্ট কাললৈ বিদ্যালয় বন্ধ

    শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত।

    শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত।

    শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত।

    • Share this:
    গুৱাহাটীৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গুৰুকুল গ্ৰামাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক’ভিডৰ (Covid19) ভয়ানক সংক্ৰমণ। ৩০ গৰাকী শিক্ষক-কৰ্মচাৰী আক্ৰান্ত হৈছে শিক্ষানুষ্ঠানত । ১৪৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ক’ভিড পৰীক্ষাৰ অন্তত ৩০ জনৰ দেহত ধৰা পৰিল ক’ভিডৰ অৱস্থিতি। ইয়াৰে ২২ জন শিক্ষক আৰু ৮ গৰাকী বিদ্যালয়খনৰ কৰ্মচাৰী ক’ভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

    প্ৰায় ৩-৪ দিন পূৰ্বৰে পৰা জ্বৰ-চৰ্দিত ভুগি আছিল বিদ্যালয়খনৰ কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী। শিক্ষক-কৰ্মচাৰীৰ দেহত ক’ভিডৰ লক্ষণ থকাৰ পাছতো দৈনিক পাঠদান চলি আছিল বিদ্যালয়খনত। একাংশ অভিভাৱকে এই সম্পৰ্কত জিলা উপায়ুক্তক অৱগত কৰাৰ পাছত মঙলবাৰে বিদ্যালয়খনত অতৰ্কিতে উপস্থিত হয় জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল। স্বাস্থ্য বিভাগৰ দলটোৱে বিদ্যালয়খনত উপস্থিত হৈ প্ৰতিগৰাকী শিক্ষক-কৰ্মচাৰীক পৰীক্ষা কৰাৰ পাছত ৩০ জনৰ দেহত ধৰা পৰে ক’ভিডৰ অৱস্থিত।

    ইতিমধ্যে জিলা প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বিদ্যালয়খন বন্ধৰ নিৰ্দেশ দিছে। ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ কেইবাখনো বিদ্যালয়ত ক'ভিড সংক্ৰমণ হোৱাৰ বাবে বন্ধৰ ঘোষণা কৰিছিল।
    Published by:Manjumoni Borah
    First published: