Corona in Assam : ৰাজ্যত ক্ৰমে হ্ৰাস পাইছে কোৰোণাৰ সংক্ৰমণ। শুকুৰবাৰে আক্ৰান্ত ৩,৬৬৬ গৰাকী।

News18 Assam | News18-Assam
Updated:June 11, 2021, 8:35 PM IST
Corona in Assam : ৰাজ্যত ক্ৰমে হ্ৰাস পাইছে কোৰোণাৰ সংক্ৰমণ। শুকুৰবাৰে আক্ৰান্ত ৩,৬৬৬ গৰাকী।
দিনটোত পজিটিভিটী হাৰ আছিল ২.১৬ শতাংশ। কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ হ্ৰাস।

দিনটোত পজিটিভিটী হাৰ আছিল ২.১৬ শতাংশ। কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ হ্ৰাস।

  • Share this:
বৃহস্পতিবাৰৰ তুলনাত শুকুৰবাৰে যথেষ্ট উন্নতি হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ। আজি অসমত কোৰোণাত আক্ৰান্ত নতুনকৈ আক্ৰান্ত হৈছে ৩৬৬৬ গৰাকী লোক। দিনটোত পজিটিভিটী হাৰ আছিল ২.১৬ শতাংশ। বৃহস্পতিবাৰে ৰাজ্যখনত কোভিড সংক্ৰমণৰ হাৰ আছিল ৩.০৭ শতাংশ।

পূৰ্বৰ তুলনাত সংক্ৰমণ কমাৰ লগতে মৃত্যুৰ সংখ্যাও কমিছে যথেষ্ট। আজি কোৰোণাত আক্ৰান্ত হৈ অসমত মৃত্যু হোৱা লোকৰ সংখ্যা ২৯ গৰাকীলৈ হ্ৰাস পায়। বৃহস্পতিবাৰে কোৰোণাত মৃত্যু হৈছিল ৫১ গৰাকী লোকৰ।

আনহাতে কামৰূপ মহানগৰত কোৰোণা সংক্ৰমণৰ হাৰ এতিয়াও উদ্বেগজনক হৈ আছে। আজি মহানগৰ জিলাখনত নতুনকৈ আক্ৰান্ত হয় ৩৪১ গৰাকী লোক। বৃহস্পতিবাৰে আক্ৰান্ত হৈছিল ৩২৩গৰাকী।

আজিৰ দিনটোত ৰাজ্যত ১ লাখ ৬৯ হাজাৰ ৫২৮ (১,৬৯,৫২৮) গৰাকীৰ কোভিড পৰীক্ষা কৰাৰ অন্তত ২.১৬ শতাংশ হাৰত ৩৬৬৬গৰাকীৰ দেহত ধৰা পৰে কোভিড ভাইৰাছৰ অৱস্থিতি।

ৰাজ্যত এতিয়ালৈ কোভিডৰ পৰা আৰোগ্যৰ হাৰ হ'ল ৮৮.৮৩ শতাংশ।
Published by: Manjumoni Borah
First published: June 11, 2021, 8:32 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি