ৰাজ্যত কোৰোণা(Corona)ৰ সংক্ৰমণ তুলনামূলকভাৱে হ্ৰাস পাইছে যদিও গুৱাহাটীত ভয়াৱহ ৰূপত বাঢ়িছে কোভিড পজিটিভৰ সংখ্যা। শনিবাৰে কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে ২৫০ গৰাকী লোক। বিগত কেইদিনমানত কামৰূপ মহানগৰত অস্বাভাৱিক হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে। উল্লেখ্য যে শুকুৰবাৰে মহানগৰত আক্ৰন্ত হৈছিল ১৭৪ জন লোক। চলিত মাহত ১৫ জুলাইত কামৰূপ মহানগৰত সৰ্বাধিক আক্ৰান্ত হৈছিল ২৬৩ গৰাকী লোক।
লক্ষণীয় যে ৪ জুলাইত কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছিল ১৪০ গৰাকী লোক। ৫ জুলাইত আক্ৰান্ত হৈছিল ১৯৭ গৰাকী লোক। ৬ জুলাইত আক্ৰান্তৰ সংখ্যা ২০০ ঘৰ অতিক্ৰম কৰি ২০৩ গৰাকী আক্ৰান্ত হয়। উল্লেখ্য যে ১২ জুলাইৰ পৰা ক্ৰমাগতভাৱে আক্ৰান্তৰ সংখ্যা ২০০ৰ ওপৰত আছে।
১২ জুলাইত কামৰূপ মহানগৰত আক্ৰান্ত হৈছিল ২১৭ গৰাকী, ১৩ জুলাইত আক্ৰান্ত হৈছিল ২৫৮ গৰাকী আৰু ১৪ জুলাইত আক্ৰান্ত হৈছিল ২০৭ গৰাকী লোক। মহানগৰ জিলাখনত কোৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ যিমান চেষ্টা কৰা হৈছে তাৰ বিপৰীতে সংক্ৰমণৰ হাৰ উদ্বেগজনক হৈয়েই আছে।
উল্লেখ্য যে অসমত শনিবাৰে ১৭২৭ গৰাকী লোক কোৰোণাত আক্ৰান্ত হৈছিল।