ছচিয়েল মিডিয়াত ইয়াৰ বিৰুদ্ধে ব্যাপক হাৰত চৰ্চা হয়। বিভইন্ন দল সংগঠনেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।
অসম জাতীয় পৰিষদে "এই কু-অভিসন্ধিক প্ৰতিজন প্রকৃত অসমীয়াই নিন্দা কৰিব আৰু ওফৰাই পেলাব" বুলি নাম সলনিৰ বিৰোধিতা কৰে।
অৱশ্যে কোনো কাৰণতে বিমান বন্দৰৰ নামৰ পৰা গোপীনাথ বৰদলৈৰ নাম মচিব দিয়া নহ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ থকা লৈকে গোপীনাথ বৰদলৈৰ নাম গুৱাহাটী বিমান বন্দৰৰ পৰা কোনেও মচিব নোৱাৰে।
উল্লেখ্য যে বৰঝাৰ বিমান বন্দৰটো হৈছে উত্তৰপূবৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 'আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লিমিটেড'ৰ নামত বিজ্ঞাপন প্ৰকাশ পাইছে যদিও এইপৰ্যন্ত নাম ফলক সলনি হোৱা নাই বিমান বন্দৰৰ।