• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া আন এক জাননী অনুসৰি ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া আন এক জাননী অনুসৰি ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া আন এক জাননী অনুসৰি ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

  • Share this:
গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ ধ্ৰুৱজ্যোতি চৌধুৰীক নিলম্বন কৰা হৈছে। বিশ্ববিদ্যালয়ৰ ৱেবছাইটত আপলোড কৰা এক নিদৰ্শনাযোগে এই কথা ঘোষণা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। ২০২২ বৰ্ষৰ স্নাতক পৰ্যায়ৰ পৰীক্ষাৰ ফলাফল পলম হোৱাৰ বাবেই নিয়ন্ত্ৰকগৰাকী এই শাস্তিৰ সন্মুখীন হোৱা বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

জানিব পৰা মতে, নিয়ন্ত্ৰকগৰাকীৰ বিৰুদ্ধে চলিছিল বিশ্ববিদ্যালয়ৰ অনুশাসনমূলক প্ৰক্ৰিয়া। পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত Assam Services (Discipline & Appeal) Rules, 1964ৰ অধীনত কাৰ্যকৰী হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত কৰ্তৃপক্ষৰ। ইফালে, বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই দিয়া আন এক জাননী অনুসৰি ড০ দেৱহৰি তালুকদাৰক গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈৰ অনুমোদন ক্ৰমে ড০ তালুকদাৰক এই দায়িত্ব কৰ্তৃপক্ষৰ।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ উপ-নিয়ন্ত্ৰকৰ দায়িত্বত আছিল ড০ দেৱহৰি তালুকদাৰ। ড০ ধ্ৰুৱজ্যোতি চৌধুৰীৰ পৰা নিয়ন্ত্ৰকৰ দায়িত্ব গ্ৰহণ কৰিবলৈ ড০ দেৱহৰি তালুকদাৰক এই জাননীৰ জৰিয়তে অনুৰোধ কৰ্তৃপক্ষৰ।



মন কৰিবলগীয়া যে, বিগত সময়ছোৱাত স্নাতক পৰ্যায়ৰ ফলাফলত প্ৰায়েই দেখা দিছিল বিসংগতি। যাৰ বাবে শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ চৌহদত সচৰাচৰ প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছিল। শেহতীয়াকৈ ঘোষণা কৰা পঞ্চম ষাণ্মাসিকৰ পৰীক্ষাৰ ফলাফলতো দেখা গৈছিল ব্যাপক বিসংগতি। পৰীক্ষাত অৱতীৰ্ণ হোৱা অধিকাংশ শিক্ষাৰ্থীৰ ফলাফলত অনুপস্থিত অহাৰ লগতে দেখা গৈছিল আন কেইবাটাও বিসংগতি। এই ফলাফল বিসংগতিৰ প্ৰতিবাদত উত্তাল হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ। কিন্তু এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ লোৱাৰ সময়ত আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈছিল শিক্ষাৰ্থীসকল যি কথা সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল।
Published by:Sanjay Kumar Das
First published: