TET Teacher Protest: প্ৰতিবাদৰ সময়ত বহু টেট শিক্ষকক আৰক্ষীয়ে আটক কৰে।
TET Teacher Protest: প্ৰতিবাদৰ সময়ত বহু টেট শিক্ষকক আৰক্ষীয়ে আটক কৰে।
বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত প্ৰতিবাদত বহিল ৰাজ্যৰ ঠিকাভিত্তিক টেট শিক্ষক। হাজাৰ হাজাৰ টেট শিক্ষকৰ প্ৰতিবাদত কঁপি উঠিল কাহিলীপাৰাস্থিত সৰ্বশিক্ষাৰ কাৰ্যালয়। প্ৰতিবাদৰ সময়ত বহু টেট শিক্ষকক আৰক্ষীয়ে আটক কৰে। ইফালে টেট শিক্ষকৰ সমস্যা সমাধানৰ বাবে অহা ৩১ মাৰ্চলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সময়সীমা বান্ধি দিলে শিক্ষকসকলে। অন্যথা পুনৰ আন্দোলনৰ দিলে হুংকাৰ।
উল্লেখ্য যে, ঠিকা ভিত্তিক টেট শিক্ষক সমাজৰ দাবী অনুসৰি, ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত বন্ধ কৰি দিয়া হৈছে। আনকি ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদান নকৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আজিলৈকে আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে। যাৰ বিৰদ্ধে টেট উত্তীৰ্ণ ৪০ হাজাৰ শিক্ষক সমাজ ঐক্যবদ্ধ হৈ কাহিলীপাৰাৰ মিছন সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|