• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীত কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ, প্ৰশাসনে বৃদ্ধি কৰিলে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা

গুৱাহাটীত কোৰোণা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ, প্ৰশাসনে বৃদ্ধি কৰিলে কণ্টেইনমেণ্ট জ’নৰ সংখ্যা

কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া তত্‍পৰ হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন

কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া তত্‍পৰ হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন

কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া তত্‍পৰ হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন

  • Share this:
গুৱাহাটীত ভয়ানক ভাবে বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কোৰোণাৰ সংক্ৰমণ ৰোধৰ বাবে এতিয়া তত্‍পৰ হৈ পৰিছে গুৱাহাটী মহানগৰ প্ৰশাসন। কোৰোণাত আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা বিভিন্ন ঠাই এতিয়া কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে। নতুনকৈ কতাহবাৰী, দাতালপাৰা, ফটাশিল আমবাৰী,ৰুক্মিণী গাঁৱক কন্টেইমেইন্ট জন ঘোষণা কৰিছে মহানগৰ প্ৰশাসনে।। এই ৪টা অঞ্চলত ২১ দিনলৈ খুলিব নোৱাৰিব কোনো ব্যৱসায়িক প্ৰতিষ্ঠান।

ইয়াৰ পূৰ্বে, গুৱাহাটী চিকিত্‍সা মহাবিদ্য়ালয় হাস্পতালৰ ৫ নং হোষ্টেল, বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আৱাসিক এলেকা, চানমাৰীৰ অমিয় নগৰ, ৰিজ’নেল ডেণ্টেল কলেজৰ আৱাসীক এলেকা,  ফাঁচী বজাৰৰ ৰাজকমল হোটেলৰ আশে পাশে, কুমাৰপাৰা, শান্তিপুৰ, ফটাশিল জি এচ কলনী আৰু পাণবজাৰ ৰে’লৱে কলনীক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল প্ৰশাসনে।
First published: