• Home
  • »
  • News
  • »
  • assam
  • »
  • আকাশলংঘী মূল্যবৃদ্ধি! বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ

আকাশলংঘী মূল্যবৃদ্ধি! বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কামৰূপ মহানগৰ জিলা কংগ্ৰেছৰ

কেন্দ্ৰত ৭ বছৰৰ অধিক সময় চৰকাৰ দখল কৰাৰ পিছতো সামান্যতমো পৰিৱৰ্তন নাহিল৷ বিপৰীতে দৈনিক বৃদ্ধি পাইছে সামগ্ৰীৰ মূল়্য৷

  • Share this:
ৰাজ্যত অত্যধিক হাৰত বৃদ্ধি পাইছে পেট্ৰ’লজাত সামগ্ৰী, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য৷ সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত ব্যৰ্থ কেন্দ্ৰ–ৰাজ্য চৰকাৰ৷ ইয়াকে লৈ ক্ষোভ অসম প্ৰদেশ কংগ্ৰেছৰ৷ যাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ কংগ্ৰেছৰ৷

গুৱাহাটীত কামৰূপ মহানগৰ জিলা সমিতিৰ প্ৰতিবাদ৷ প্ৰতিবাদত অংশ কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ৷ কংগ্ৰেছী বিধায়কগৰাকীৰ দাবী, নিৰ্বাচনৰ পূৰ্বে পেট্ৰ’ল–ডিলেজৰ দাবীকে ধৰি খাদ্য–সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰনৰ আশ্বাস দিছিল মোদী চৰকাৰে৷ কিন্তু কেন্দ্ৰত ৭ বছৰৰ অধিক সময় চৰকাৰ দখল কৰাৰ পিছতো সামান্যতমো পৰিৱৰ্তন নাহিল৷ বিপৰীতে দৈনিক বৃদ্ধি পাইছে সামগ্ৰীৰ মূল়্য৷

একেদেৰে নিবনুৱা সমস্যা, নাৰীৰ নিৰাপত্তা বৃদ্ধি সমস্যা ৰূপে দেখা দিছে অসমত৷ এইক্ষেত্ৰত মাথোঁ ৰাজ্যৰ বিজেপি চৰকাৰ ভাষণত ব্যস্ত আছে৷ নাই সামান্যতম উন্নয়ন৷ যাৰ পৰিপ্ৰেক্ষিতত আজি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কংগ্ৰেছে।
Published by:Sanjay Kumar Das
First published: