মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বাজেট দাখিলৰ পিছদিনাই গুৱাহাটীত প্ৰতিবাদমুখৰ হৈ পৰিল বিৰোধী ! শৰ্মা চৰকাৰৰ বাজেট প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু কাব্যিক অলংকাৰ আখ্যা ৰিপুন বৰাৰ...

বাজেট দাখিলৰ পিছদিনাই গুৱাহাটীত প্ৰতিবাদমুখৰ হৈ পৰিল বিৰোধী ! শৰ্মা চৰকাৰৰ বাজেট প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু কাব্যিক অলংকাৰ আখ্যা ৰিপুন বৰাৰ...

News18 Assam | News18-Assam
Updated:July 17, 2021, 4:59 PM IST
বাজেট দাখিলৰ পিছদিনাই গুৱাহাটীত প্ৰতিবাদমুখৰ হৈ পৰিল বিৰোধী ! শৰ্মা চৰকাৰৰ বাজেট প্ৰৱঞ্চনা, প্ৰতাৰণা আৰু কাব্যিক অলংকাৰ আখ্যা ৰিপুন বৰাৰ...
৮২ হাজাৰ কোটি ঋণ বোজাত ককবকাইছে ৰাজ্য চৰকাৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ আৰু তাৰপাছত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷

৮২ হাজাৰ কোটি ঋণ বোজাত ককবকাইছে ৰাজ্য চৰকাৰ ৷ অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ আৰু তাৰপাছত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷

  • Share this:
জনতাৰ জনকল্যাণৰ বিপৰীতে হিতাধিকাৰী সৃষ্টি ৷ এই বাজেট সম্পূৰ্ণৰূপে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ কঠোৰ সমালোচনা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৷

অত্যাৱশ্যকীয় সামগ্ৰী আৰু বাজেটৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ সন্মুখত প্ৰতিবাদ আৰু তাৰপাছত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল ৷ কোভিড সৃষ্ট জনগণক সকাহৰ নাই বাজেটত কোনো পদক্ষেপ, কৃষি, উদ্যোগ সকলোতে ফেইল বিত্ত মন্ত্ৰী ৷ নিৰ্বাচনী প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ দাবী তোলা বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ দাবী ৷ মাইক্ৰ'ফাইনেন্স ঋণ পৰিশোধ আৰু বিদ্যুৎ বিল মাফৰ ক্ষেত্ৰত চৰম প্ৰতাৰণা আৰু বিদ্যুৎ বিল পৰিশোধৰ নামত লৰা-ধেমালি আখ্যা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ৷

উল্লেখ্য যে সংবাদমেলৰ পূৰ্বে জোৰ জুলুমকৈ প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ আহি প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে হাত উঠোৱাৰ অভিযোগ প্ৰতিবাদকাৰী ৷ এয়াই নহয় আনকি হেচা প্ৰয়োগ কৰি প্ৰতিবাদী স্থানৰ পৰা আটক কৰাৰ অভিযোগ ৷ বিজেপি নেতৃত্বধীন চৰকাৰে জনতাৰ অগণতান্ত্ৰিক চৰিত্ৰ প্ৰকাশ পোৱা বুলি দাবী কৰে সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈয়ে ৷ এনেদৰে বাজেট দাখিলৰ এটা দিন পাছত চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৷
Published by: Kokil Sarma
First published: July 17, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি