உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress in By Election : উপ নিৰ্বাচন! কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত কোন কোন? EXCLUSIVE

    Congress in By Election : উপ নিৰ্বাচন! কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত কোন কোন? EXCLUSIVE

    উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সাজু

    উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা সাজু

    Congress in By Election : ৫টাৰ ভিতৰত ৪টাত কংগ্ৰেছে চুড়ান্ত কৰিছে প্ৰাৰ্থী। ভৱানীপুৰ সমষ্টি এৰি দিব অসম জাতীয় পৰিষদক!

    • Share this:
    পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন (By Election)ৰ বাবে কংগ্ৰেছে (Congress) প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে সাজু কৰিছে ৷ দলীয় টিকট বিচাৰি ৪২জনে আবেদন কৰাৰ পিছত হাইকামাণ্ডৰ পৰা শ্বৰ্ট লিষ্টেড কৰি আনিলে প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা । তিনিজনীয়াকৈ প্ৰতিটো সমষ্টিত প্ৰাৰ্থীৰ তালিকা শ্বৰ্ট লিষ্টেড কৰা হৈছে ৷

    AICCৰ এক শীৰ্ষ সুত্ৰই সদৰি কৰা মতে গোসাঁইগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাত আছে জুৱেল টুডু, যোছেফ হাগজা আৰু হেলেন মুৰ্মুৰ নাম ৷

    তামুলপুৰ সমষ্টিৰ তালিকাত আছে ভাস্কৰ ডাহাল, ছাজিয়া বেগম আৰু বাবুল বড়োৰ নাম ৷

    মৰিয়নি সমষ্টিৰ প্ৰাৰ্থীৰ তালিকাত আছে ক্ৰমে লোহিত কোঁৱৰ, অতুল বুঢ়াগোহাঁই আৰু মামণি ৰাজকুমাৰীৰ নাম ৷

    একেদৰে থাওৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকাত আছে মনোৰঞ্জন কোঁৱৰ, অজয় কুমাৰ গগৈ, নিভা কোঁৱৰ আৰু চন্দ্ৰজ্যোতি ফুকনৰ নাম ৷

    AICCৰ সুত্ৰটোৱে সদৰি কৰা মতে এই শ্বৰ্ট লিষ্টেড তালিকাৰ পৰা গোসাঁইগাঁৱত জুৱেল টুডু, তামুলপুৰত ভাস্কৰ ডাহাল, মৰিয়নিত লোহিত কোঁৱৰ আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰেই শেষ মুহূৰ্তত পাব দলীয় প্ৰাৰ্থীত্ব ৷

    ইপিনে ভৱানীপুৰ সমষ্টিৰ পৰা পাঁচজনে দলীয় টিকট বিচাৰি আবেদন কৰিছিল যদিও লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদ (AJP)ৰ সৈতে কংগ্ৰেছৰ বুজাবুজি হোৱাৰ দোহাই দি সমষ্টিটো AJPক এৰি দিবলৈ আগবাঢ়িছে কংগ্ৰেছে ৷

    পাঁচটা সমষ্টিৰ ভিতৰত চাৰিটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে সোমবাৰৰ ভিতৰত কংগ্ৰেছে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব বুলি জানিব পৰা গৈছে ৷
    Published by:Manjumoni Borah
    First published: