SDGৰ ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰি অসমবাসীক বিপথে পৰিচালিত কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰা তথা জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা-সৰকা কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
SDGৰ ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰি অসমবাসীক বিপথে পৰিচালিত কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰা তথা জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা-সৰকা কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই প্ৰসংগক লৈ উত্তাল হৈ আছে ৰাজ্য। এনে সময়তে এইবাৰ জ্বলা জুইত ঘিউ ঢালিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে বুধবাৰে অসমৰ মহিলাসকলক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতাৰণাৰ গোচৰ তৰিবলৈ আহ্বান জনায়। এক সংবাদমেলত এই আহ্বান জনাই গৌৰৱ গগৈয়ে কয়, "মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি নাৰাখি অসমৰ মহিলাক প্ৰতাৰণা কৰিছে মুখ্যমন্ত্ৰীয়ে। সেয়ে অসমৰ মহিলাই প্ৰতাৰণা কৰাৰ গোচৰ তৰক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৷ আমি মহিলাসকলৰ সৈতে আছোঁ ৷”
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ বুধবাৰে প্ৰথমখন সংবাদমেল সম্বোধন কৰিলে লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে ৷ SDGৰ ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে অসমবাসীক বিপথে পৰিচালিত কৰা, মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি নাৰাখি অসমৰ মহিলাক প্ৰতাৰণা কৰাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতিলৈকে বহু কেইটা বিষয়ত সৰব হৈ মুখ্যমন্ত্ৰীক সমালোচনাৰে থকা-সৰকা কৰে সাংসদ গৌৰৱ গগৈয়ে ৷
কিছুদিন পূৰ্বে প্ৰকাশ পোৱা SDGৰ ৰিপৰ্ট সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ব্যাখ্যাক লৈ সাংসদ গৌৰৱ গগৈ আক্ৰমণাত্মক হৈ উঠিল বুধবাৰৰ সংবাদমেলত ৷ গৌৰৱ গগৈয়ে ক'লে- “SDGৰ ৰিপৰ্টৰ ভুল ব্যাখ্যা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ সকলো ক্ষেত্ৰতে পিছ পৰি আছে অসম ৷ SDGৰ ভুল ব্যাখ্যাৰে ৰাইজক বিপথে পৰিচালিত কৰিছে মুখ্যমন্ত্ৰীয়ে ৷”
বিৰোধী শক্তিক নিশকতীয়া কৰিবলৈ বিৰোধীৰ বিধায়কক দল ত্যাগ কৰোৱাৰ দৰে কামত BJP চৰকাৰ নামি পৰাৰো অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷ গৌৰৱৰ দাবী- “গণতন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে BJP চৰকাৰে ৷ যিয়ে চৰকাৰৰ ভুল নীতিৰ বিৰোধিতা কৰে, তাকেই ভাবুকি দিয়ে ৷ জেললৈ নিক্ষেপ কৰে ৷”
ইপিনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্য নাথৰ নীতিক অনুকৰণ কৰি জনসংখ্যা নীতি প্ৰস্তুত কৰাৰ বিষয়তো সৰৱ হৈ উঠিল গৌৰৱ গগৈ ৷ গৌৰৱৰ অভিযোগ- “মুখ্যমন্ত্ৰীৰ জনসংখ্যা নীতি আওপুৰণি আৰু অবৈজ্ঞানিক ৷ চৰকাৰে যদি গো-সুৰক্ষা নীতি কৰিব পাৰে, তেন্তে বন্যপ্ৰাণী সুৰক্ষা নীতি কিয় কৰিব নোৱাৰে?”
বুধবাৰৰ অনলাইন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি AICCয়ে সময়ত নিযুক্তি দিব আৰু বিগত নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ সন্দৰ্ভত উচ্চ পৰ্যায়ৰ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন হাইকামাণ্ডে অধ্যয়ন কৰি আছে বুলিও সদৰি কৰে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|