• Home
  • »
  • News
  • »
  • assam
  • »
  • Miyan Museum|Sherman Ali : "মই এতিয়াও কওঁ মিঞা মিউজিয়াম লাগে ৷" পুনৰ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ ৰাগ টানিলে বিধায়ক শ্বেৰমান আলীয়ে

Miyan Museum|Sherman Ali : "মই এতিয়াও কওঁ মিঞা মিউজিয়াম লাগে ৷" পুনৰ কলাক্ষেত্ৰত মিঞা মিউজিয়ামৰ ৰাগ টানিলে বিধায়ক শ্বেৰমান আলীয়ে

sherman ali

sherman ali

Miyan Museum|Sherman Ali : "মিঞা মিউজিয়াম মোৰ ব্যক্তিগত চিন্তা আছিল। চৰকাৰে বা দলে নামানিবও পাৰে। কংগ্ৰেছ দলে কিন্তু সেই ঘটনাক লৈ মোক মাৰিব নে কাটিব যেন কৰিছিল। কংগ্ৰেছে মিঞাখিনিক অসমীয়া বুলি নাভাবে নেকি? মোৰ সেই দাবী কিয় সমৰ্থন নকৰিলে? মই এতিয়াও কওঁ মিঞা মিউজিয়াম লাগে ৷"

  • Share this:
সোমবাৰে দলীয় নেতৃত্বক কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিলে বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী (Sherman Ali)য়ে ৷ প্ৰায় ৩পৃষ্ঠাযোৰা শ্বেৰমান আলীৰ শ্ব'কজৰ উত্তৰ ৷ নিজৰ উত্তৰ ঐতিহাসিক হ'ব বুলি কৈ বিধায়ক গৰাকীয়ে নিজৰ কথাত অটল বুলি জনালে সংবাদ মাধ্যমক ৷ "বল এতিয়া কংগ্ৰেছৰ কোৰ্টত, তেওঁলোকেই সিদ্ধান্ত লওক" (Ball is Now in the Court of Congress, Let Them Decide) বুলি কৈ "কংগ্ৰেছত থকা নথকাক লৈ মই এতিয়াও সিদ্ধান্ত লোৱা নাই" বুলি স্পষ্ট কৰি দিয়ে ৷

উল্লেখ্য যে গুৱাহাটীৰ শ্ৰীমন্ত  শংকৰদেৱ কলাক্ষেত্ৰত এটা মিঞা মিউজিয়াম (Miyan Museum) লাগে বুলি কৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী। ইয়াকে লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হৈছিল আৰু তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাত অৱশেষত গ্ৰেপ্তাৰ হৈছিল। এই সময়তে কংগ্ৰেছ (Congress) দলেও শ্বেৰমান আলীৰ বক্তব্যৰ বিপৰীতে থিয় দিছিল। তাৰ পিছত কাৰাগাৰৰ পৰা ওলায়েই কংগ্ৰেছক একাধিকবাৰ সমালোচনা কৰি দলৰ নেতৃত্বৰ ৰোষত পৰিছিল।

শ্বেৰমানে কয়,  "সমষ্টিৰ ১৯টা পঞ্চায়তৰ লগত আলোচনা কৰি মই শ্ব'কজৰ উত্তৰ দিছোঁ ৷ মোৰ বিৰুদ্ধে লাগি থকা সকলক কওঁ, জণ্ডিচ হোৱাসকলে গোটেই পৃথিৱীতে হালধীয়া ফুলেই দেখা পায় ৷ মই সুধিব খুজিছোঁ, মিঞাখিনি অসমীয়া নহয় নেকি? আহোম, লালুং, মিছিং সকলৰ দৰেই মিঞা এটা জনগোষ্ঠী। মিঞা মিউজিয়াম মোৰ ব্যক্তিগত চিন্তা আছিল। চৰকাৰে বা দলে নামানিবও পাৰে। কংগ্ৰেছ দলে কিন্তু সেই ঘটনাক লৈ মোক মাৰিব নে কাটিব যেন কৰিছিল। কংগ্ৰেছে মিঞাখিনিক অসমীয়া বুলি নাভাবে নেকি? মোৰ সেই দাবী কিয় সমৰ্থন নকৰিলে? মই এতিয়াও কওঁ মিঞা মিউজিয়াম লাগে ৷"

সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীকো প্ৰত্যাহ্বান জনালে বিধায়ক শ্বেৰমান আলীয়ে, "মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক প্ৰত্যাহ্বান জনাইছোঁ যে একে দোষতে দোষী কৰিব পাৰিব নে লিখকক? দিগন্ত শৰ্মাই লিখা কিতাপৰ পৰাহে মই দুটামান বাক্য কৈছিলোঁ। সেই কিতাপৰ লিখকৰ বিৰুদ্ধে কিয় একো ক'ব পৰা নাই মুখ্যমন্ত্ৰীয়ে বা কংগ্ৰেছে? মোক কংগ্ৰেছে মোৰ ষ্টেটমেণ্ট উঠাই ল'বলৈ দিছিল। কিন্তু মই কিয় উঠাম? "

শ্বেৰমান আলীক হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বুলি কোৱা প্ৰসংগতো মন্তব্য কৰে শ্বেৰমান আলীয়ে। "কিছুমানে কয় মই হেনো হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট ! মই কওঁ নেকি, কংগ্ৰেছৰ কোনে বিজেপিৰ পৰা ৪০লাখ টকা লৈ এটা ফৈদৰ মানুহক জয় কৰিব বিচাৰিছিল ৷ কংগ্ৰেছৰ কোন নেতাক ৰাতি ১-২ বজাত হিমন্ত বিশ্ব শৰ্মাই ফোন কৰে সেই কথাও মই জানোঁ। কংগ্ৰেছৰ কোন কোন নেতা অতি গুৰুতৰ গোচৰত জড়িত, কিন্তু হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰি গ্ৰেপ্তাৰ হোৱাৰ পৰা হাত সাৰি আছে সেই কথাও মই জানোঁ ৷ দলৰ ভিতৰতে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে ৷ কংগ্ৰেছৰ মুছলমান নেতাখিনিয়েই মুছলমানৰ প্ৰধান শত্ৰু। নৰখাদক, টকালোভীয়া যিসকল নেতাই দপদপাই আছে তেওঁলোকক ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে ৷ মুছলমানৰ শত্ৰু এই নেতাসকল। মোৰ দলৰ মুৰব্বীয়ে মোক গ্ৰেপ্তাৰ কৰিবলৈ জোৰ দিয়ে, তেওঁ মোক হিমন্তৰ এজেণ্ট বুলি কয়। মোৰ সপক্ষে হোৱা আন্দোলন বন্ধ কৰিলে মোৰ দলেই। গতিকে মানুহে দেখিছে কোন এজেণ্ট হয়, কোন নহয়।"
Published by:Manjumoni Borah
First published: