உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress : মোৰ শৰীৰত কংগ্ৰেছৰ তেজ আছে, আমৃত্যু কংগ্ৰেছ কৰি যাম, কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনৰ হুংকাৰ

    Congress : মোৰ শৰীৰত কংগ্ৰেছৰ তেজ আছে, আমৃত্যু কংগ্ৰেছ কৰি যাম, কংগ্ৰেছ বিধায়ক দিগন্ত বৰ্মনৰ হুংকাৰ

    কংগ্ৰেছৰ বহুত বেয়া দিন দেখিছোঁ। অগপৰ দিনত আমাক সামাজিক ভাৱে বৰ্জন কৰিছিল, দেউতাক পাঁচ বাৰ গুলীয়াইছিল- ক'লে দিগন্ত বৰ্মনে।

    কংগ্ৰেছৰ বহুত বেয়া দিন দেখিছোঁ। অগপৰ দিনত আমাক সামাজিক ভাৱে বৰ্জন কৰিছিল, দেউতাক পাঁচ বাৰ গুলীয়াইছিল- ক'লে দিগন্ত বৰ্মনে।

    কংগ্ৰেছৰ বহুত বেয়া দিন দেখিছোঁ। অগপৰ দিনত আমাক সামাজিক ভাৱে বৰ্জন কৰিছিল, দেউতাক পাঁচ বাৰ গুলীয়াইছিল- ক'লে দিগন্ত বৰ্মনে।

    • Share this:
    বিজেপি (BJP)ক ৰোধ কৰাৰ স্বাৰ্থত মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ (AIUDF) দলক কংগ্ৰেছত চামিল হ'বলৈ আহ্বান জনাইছে কংগ্ৰেছ (Congress)ৰ বিধায়ক দিগন্ত বৰ্মন (Diganta Barman) আৰু প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী অকণ বৰা (Akon Borah)ই। আমৃত্যু কংগ্ৰেছ কৰি যাব বুলিও সদৰি কৰে দুয়োগৰাকী নেতাই। "UMF ৰ দৰে একেই অৱস্থা হব AIUDFৰো, গোলাম ওছমানীৰ দৰে আজমলৰ AIUDFও এদিন কংগ্ৰেছত চামিল হোৱাটো নিশ্চিত।" নিউজ১৮ৰ সম্মূখত এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ বিধায়ক পুত্ৰ দিগন্ত বৰ্মনে।

    কংগ্ৰেছত এআইইউডিএফ চামিল হ'লে ভাল বুলি ক'লে প্ৰাক্তন সমাজ কল্যাণ মন্ত্ৰী অকণ বৰাই। "পূৰ্বে কংগ্ৰেছৰ আজিতকৈ বহু বেয়া অৱস্থা আছিল। বেয়াৰ পিছতেই আকৌ ভাল দিন আহে জাতীয় কংগ্ৰেছ দলৰ।"

    " কংগ্ৰেছৰ বহুত বেয়া দিন দেখিছোঁ, অসম গণ পৰিষদ (AGP)ৰ দিনত আমাক সামাজিকভাৱে বৰ্জন কৰিছিল, দেউতা (ডাক্তৰ ভূমিধৰ বৰ্মন)ক পাঁচ বাৰকৈ গুলীয়াইছিল, তাৰ পিছত আমি ২০ বছৰ চৰকাৰ চলাইছোঁ", ক'লে দিগন্ত বৰ্মনে। সেয়ে দুয়োগৰাকী নেতাৰ গভীৰ বিশ্বাস ২০২৪তে পুনৰ ক্ষমতালৈ উভতি আহিব কংগ্ৰেছ দল।

    ইফালে শেহতীয়াকৈ বিজেপি গমনৰ ক্ষেত্ৰত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ নামো উচ্চাৰিত হৈছিল। তেনেক্ষেত্ৰত দিগন্ত বৰ্মনে কয় যে তেওঁ আমৃত্যু কংগ্ৰেছ কৰিব তেওৰ শৰীৰত হেনো কংগ্ৰেছৰ তেজ আছে। বিৰোধী দলৰ বিধায়কক ক্ৰয় কৰাৰ পৰিবৰ্তে ৰাজ্যৰ উন্নয়ন কৰিবলৈও সকিয়াই দিয়ে বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনে।
    Published by:Manjumoni Borah
    First published: