ৰাজীৱ ভৱনত বুধবাৰে সংবাদ মেল দি এনেদৰে কংগ্ৰেছক তলি ফুটা নাৱৰে ৰিজালে ৰিপুণ বৰাই ৷
ৰাজীৱ ভৱনত বুধবাৰে সংবাদ মেল দি এনেদৰে কংগ্ৰেছক তলি ফুটা নাৱৰে ৰিজালে ৰিপুণ বৰাই ৷
শাসকীয় BJPত এজনৰ পিছত এজন হাইপ্ৰফাইল কংগ্ৰেছী নেতাই যোগদান কৰাৰ পিছত BJPক সমালোচনা কৰিবলৈ গৈ নিজ দলৰে ব্যৰ্থতা উদঙালে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই৷ ৰিপুণ বৰাই কংগ্ৰেছক তলি ফুটা নাও বুলি উদাহৰণ দি কৰ্মীসকলক এতিয়া নাওৰ পৰা পানী সিঁচি ডুৱ যোৱাৰ পৰা নাওখনক উদ্ধাৰ কৰিবলৈ আহ্বান জনালে৷ লগতে BJPলৈ গৈ কোন কোন কংগ্ৰেছীয়ে মন্ত্ৰী-বিধায়ক আৰু সাংসদ হ'ল; তাৰো ব্যাখ্যা আগবঢ়ালে ৰিপুণ বৰাই৷
ৰিপুণ বৰাই ব্যাখ্যা কৰি ক'লে- “দুখন নাও একেসময়তে একেলগে গৈ আছিল৷ যাত্ৰী দুয়োখন নাওতে ভিৰ। মাজবাটতে কংগ্ৰেছৰ নাওখনৰ তলি ফুটিল। কংগ্ৰেছৰ নাওৰ পৰা যাত্ৰীসকল BJPৰ নাওত উঠিল ৷ নহ'লে যাত্ৰীসকলৰ কি হ'ব? যাত্ৰীসকলক নিছে নিয়ক৷ কিন্তু BJPৰ নাওখনে ভাৱিব নালাগে যে তেওঁলোক বেছি দূৰ যাব পাৰিব৷ নিজৰ ভিৰ থকা নাওত আমাৰ পৰাও যাত্ৰী লৈ কিমান দূৰ যাব পাৰিব BJPৰ নাও? বেছি যাত্ৰী নি ডুবিব BJPৰ নাও৷ কংগ্ৰেছৰ নাওৰ অকণমান তলি ফুটিছে। এতিয়া আমাৰ দায়িত্ব পানী সিঁচি নাওখন মেৰামতি কৰা৷”
এয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাৰ ব্যাখ্যা। ৰাজীৱ ভৱনত বুধবাৰে সংবাদ মেল দি এনেদৰে কংগ্ৰেছক তলি ফুটা নাৱৰে ৰিজালে ৰিপুণ বৰাই ৷ কংগ্ৰেছৰ নাৱৰ তলি ফুটাৰ বাবে হেনো BJPৰ নাৱত উঠিছে যাত্ৰী সকলে ৷ সেয়ে দলীয় কৰ্মীৰ দায়িত্ব এতিয়া নাৱৰ পৰা পানী সিঁচি নাৱখনক ডুবাৰ পৰা ৰক্ষা কৰাৰ ।
শেহতীয়াকৈ কংগ্ৰেছৰ পৰা এজন এজনকৈ হাইপ্ৰফাইল নেতাই দল ত্যাগ কৰি BJPত যোগদান কৰাৰ সন্দৰ্ভত দলীয় কৰ্মীৰ মনোবল ৰক্ষা কৰিবলৈ বুধবাৰে সম্বোধন কৰিছিল এই সংবাদমেলৰ৷ BJPক সমালোচনা কৰি ৰিপুণ বৰাই ক'লে- “দুই এজন কংগ্ৰেছৰ পৰা গ'লেই উৎফুল্লিত নহ'ব BJP৷ প্ৰথমে BJPয়ে নিজৰ দলক ঠিক কৰক৷”
ইমানতে ক্ষান্ত নাথাকিল ৰিপুণ বৰা৷ BJPক সমালোচনা কৰিবলৈ গৈ বৰাই ব্যাখ্যা কৰিলে- BJPলৈ গৈ কোন কোন কংগ্ৰেছী মন্ত্ৰী-বিধায়ক-সাংসদ হ'ল? দীঘলীয়া তালিকা সংবাদ মেলত দাঙি ধৰি ৰিপুণ বৰাই নাম ল'লে- ড° হিমন্ত বিশ্ব শৰ্মা, অজন্তা নেওগ, বলিন চেতিয়া, প্ৰদান বৰুৱা, পল্লৱলোচন দাস, তৰংগ গগৈ, মানৱ ডেকা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোহাঁই আদিৰ নাম৷
ইয়াৰ লগতে সৰ্বভাৰতীয় হিচাপত কোন ৰাজ্যত BJPৰ কিমান কিমান বিধায়ক আছে? তাৰো এক খতিয়ান দাঙি ধৰিলে ৰিপুণ বৰাই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|