মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Rakibul Vs Sirajuddin : AIUDFৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিৰাজউদ্দিন আজমলৰ বাৰম্বাৰ প্ৰশংসাত খং ৰকিবুলৰ।

Rakibul Vs Sirajuddin : AIUDFৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিৰাজউদ্দিন আজমলৰ বাৰম্বাৰ প্ৰশংসাত খং ৰকিবুলৰ।

News18 Assam | News18-Assam
Updated:July 20, 2021, 6:31 PM IST
Rakibul Vs Sirajuddin : AIUDFৰ সৈতে মিত্ৰতা ভংগৰ হুংকাৰ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিৰাজউদ্দিন আজমলৰ বাৰম্বাৰ প্ৰশংসাত খং ৰকিবুলৰ।
যমুনামুখৰ AIUDF বিধায়ক চিৰাজউদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন হ'ব বুলি বাৰম্বাৰ মন্তব্য কৰি আহিছে।

যমুনামুখৰ AIUDF বিধায়ক চিৰাজউদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন হ'ব বুলি বাৰম্বাৰ মন্তব্য কৰি আহিছে।

  • Share this:
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ক AIUDFৰ বিধায়ক তথা বদৰুদ্দিন আজমল (Badaruddin Ajmal)ৰ ভাতৃ চিৰাজউদ্দিন আজমল (Sirajuddin Ajmal)এ প্ৰশংসাৰ উপৰি প্ৰশংসা কৰি থকাৰ পিছত AIUDFৰ সৈতে মিত্ৰতা ভংগৰ ইংগিত দিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (Rakibul Hussain)এ। চিৰাজুদ্দিন আজমলক একপ্ৰকাৰ উভতি ধৰি ৰকিবুল হুছেইনে কয়, "এনেদৰে কথা কৈ থাকিলে AIUDFৰ সৈতে মিত্ৰতা (Congres AIUDF Alliance) থাকিব নে নাই ভাবিবলৈ হ'ম। এয়া হাই টাইম (High Time), বাৰে বাৰে চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ AIUDF. কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা থাকিব নে নাই AICC আৰু ৰাজ্যিক নেতৃত্বই বিবেচনা কৰক।"

পিছে ৰকিবুল হুছেইনৰ অগ্নি বৰ্ষণে গা লৰাব পৰা নাই AIUDFৰ। AIUDFৰ সাধাৰণ সম্পাদক বিধায়ক আনিনুল ইছলামে কয়, "মিত্ৰতা ৰাখে নাৰাখে তেওঁলোকৰ কথা, আমাৰ কোনো বিধায়ক বিজেপিলৈ যোৱা নাই। ৰকিবুল হুছেইন বা কোনো বিধায়কৰ কথাত মিত্ৰতা হোৱা নাছিল, AICCএ মিত্ৰতা ভাঙিলে আমাৰ ক'ব লগা একো নাই।"

উল্লেখ্য যে বিধানসভাৰ অধিবেশনত ভাগ ল'ব আহি যমুনামুখৰ AIUDF বিধায়ক চিৰাজউদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উন্নয়ন হ'ব বুলি বাৰম্বাৰ মন্তব্য কৰি আহিছে।
Published by: Manjumoni Borah
First published: July 20, 2021, 6:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি