অসমৰ বাহিৰে দেশত বিজেপি (BJP)ৰ এতিয়া অৱস্থা খুৱ বেয়া। সেই ভয়তে পেট্ৰ'লৰ দাম কমাইছে। দেবব্ৰত শইকীয়া (Debabrat Saikia)ই পেট্ৰ'ল-ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৫০ টকা কৰিবলৈও প্ৰত্যাহ্বান জনায় চৰকাৰক।
অসমৰ বাহিৰে দেশত বিজেপি (BJP)ৰ এতিয়া অৱস্থা খুৱ বেয়া। সেই ভয়তে পেট্ৰ'লৰ দাম কমাইছে। দেবব্ৰত শইকীয়া (Debabrat Saikia)ই পেট্ৰ'ল-ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য ৫০ টকা কৰিবলৈও প্ৰত্যাহ্বান জনায় চৰকাৰক।
উপ নিৰ্বাচন (By Election)ত পৰাজয়ৰ পোষ্টমৰ্টেম কৰিলে বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া (Debabrat Saikia)ই। উপ নিৰ্বাচনৰ পৰাজয় কংগ্ৰেছৰ বাবে সাময়িক ক্ষতি বুলিহে ক'লে দেবব্ৰত শইকীয়াই।
বিৰোধী দলপতি গৰাকীয়ে লগতে কয় যে উপ নিৰ্বাচনৰ ফলাফল চাই বিজেপিয়ে কংগ্ৰেছ (Congress) শেষ বুলি কেতিয়াও ভাবিব নালাগে। এইক্ষেত্ৰত পূৰ্বৰ ৰাজনৈতিক পৰিসংখ্যা দাঙি ধৰিলে নাজিৰা সমষ্টিৰ জনপ্ৰতিনিধি গৰাকীয়ে। দেৱব্ৰত শইকীয়াৰ মতে সৌ সিদিনালৈ অসমত ৫ জন বিধায়ক থকা বিজেপি (BJP)ৰ আজি ৬২জন বিধায়ক হ'ল। অসম গণ পৰিষদে (AGP) পূৰ্বতে অকলেই চৰকাৰ কৰিছিল কিন্তু আজি বিধায়কৰ সংখ্যা এককৰ ঘৰত।
দেৱব্ৰত শইকীয়া (Debabrat Saikia)ৰ মতে ৰাজনৈতিক দলৰ ভাল বেয়া দিন থাকেই। তাকে লৈ কংগ্ৰেছ খটম, কংগ্ৰেছ শেষ বুলি বিজেপিয়ে ভাবিব নালাগে বুলি কয় বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ৰাজনীতিত কেতিয়াবা যদি ভাল দিন থাকে কেতিয়াবা বেয়া হোৱাটো একো অস্বাভাৱিক নহয় বুলি দোহাৰে কংগ্ৰেছৰ জ্যোষ্ঠ নেতা গৰাকীয়ে।
ইফালে অসমৰ বাহিৰে দেশত বিজেপিৰ এতিয়া অৱস্থা খুৱ বেয়া। সেই ভয়তে পেট্ৰ'লৰ দাম কমাইছে বুলি কৈ বিজেপিক সমালোচনা কৰে দেৱব্ৰত শইকীয়াই। দেবব্ৰত শইকীয়াই পেট্ৰ'ল-ডিজেল (Petrol-Diesel)ৰ প্ৰতি লিটাৰৰ মূল্য ৫০ টকা কৰিবলৈও প্ৰত্যাহ্বান জনায় চৰকাৰক।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|