মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘চৰকাৰী অনুষ্ঠানত লাড়ু-পিঠা-সান্দহক লৈ কেবিনেটত সিদ্ধান্ত কিয়?’

‘চৰকাৰী অনুষ্ঠানত লাড়ু-পিঠা-সান্দহক লৈ কেবিনেটত সিদ্ধান্ত কিয়?’

News18 Assam | News18-Assam
Updated:July 23, 2021, 4:21 PM IST
‘চৰকাৰী অনুষ্ঠানত লাড়ু-পিঠা-সান্দহক লৈ কেবিনেটত সিদ্ধান্ত কিয়?’
ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই বিষয়ত লোৱা সিদ্ধান্তৰ পিছতে শুকুৰবাৰে সৰব হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷

ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই বিষয়ত লোৱা সিদ্ধান্তৰ পিছতে শুকুৰবাৰে সৰব হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷

  • Share this:
কেবিনেটত লাড়ু-পিঠা আৰু বাণ বাতিত সান্দহ গুৰি খোৱাৰ সিদ্ধান্ত গ্ৰহণৰ বিষয়ক লৈ বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ মাজত মত-বিৰোধ দেখা গৈছে৷ কংগ্ৰেছে ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰাৰ বিপৰীত AIUDFয়ে কেবিনেট সিদ্ধান্তক শুকুৰবাৰে আদৰণি জনায়৷

এখন কেবিনেটত লোৱা হৈছিল চৰকাৰী অনুষ্ঠানত লাড়ু-পিঠা খোৱাৰ সিদ্ধান্ত৷ তাৰ পিছত বৃহস্পতিবাৰৰ কেবিনেটত লোৱা হ'ল বাণ বাতিত সান্দহ খোৱাৰ সিদ্ধান্ত ৷ কেবিনেটত লোৱা সিদ্ধান্তৰ কথা বৃহস্পতিবাৰে সদৰি কৰিছিল শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷

ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এই বিষয়ত লোৱা সিদ্ধান্তৰ পিছতে শুকুৰবাৰে সৰব হৈ উঠিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া৷ শইকীয়াৰ প্ৰশ্ন- “কেবিনেটত এনে সিদ্ধান্ত লয় নেকি? কেবিনেটত ল'ব লাগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ গুৰুত্বপূৰ্ণ বিষয়ক এৰাই চলি সৰু সৰু কথাত সিদ্ধান্ত লয় নেকি?”

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি ক'লে- “সপ্তাহে সপ্তাহে কেবিনেট পাতি কি ধাৰণা দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে? এনেকৈ হ'লে বছৰত দুশখন কেবিনেট পাতিব লাগিব৷ দুশখন কেবিনেট পাতি কি বাৰ্তা দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে?”

বিৰোধী দলপতিৰ কেবিনেটৰ সিদ্ধান্তক লৈ বিৰোধিতা কৰাৰ সময়তে কিন্তু মহাজোঁটৰ অন্যতম অংশীদাৰ দল AIUDFৰ বিধায়ক জ্যেষ্ঠ আমিনুল ইছলামে ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটক সমৰ্থনহে কৰে৷ আমিনুল ইছলামে ক'লে- “কেবিনেটৰ সিদ্ধান্তক আমি আদৰণি জনাইছোঁ৷ এই সিদ্ধান্তই আত্মসহায়ক গোটবোৰক সহায় কৰিব৷”

মুঠতে এতিয়া চৰকাৰৰ সিদ্ধান্তক লৈ মহাজোঁটৰ দুই মূল অংশীদাৰী দল কংগ্ৰেছ আৰু AIUDFয়ে দুই মেৰুত অৱস্থান গ্ৰহণ কৰিছে৷
Published by: Sanjay Kumar Das
First published: July 23, 2021, 4:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি