Jayanta Malla Baruah: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অসমৰ ৰাজনীতিত কোনো গুৰুত্ব নাই, তেওঁ কেৱল মেডিয়াতহে গুৰুত্ব পায়।
কংগ্ৰেছ-AIUDFক পুনৰ সমালোচনাৰে থকাসৰকা কৰিলে বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ই। নলবাৰীৰ বিধায়কজনে কয়, অসম-অসমীয়াৰ হৈ মাত মাতিব পৰা নাই কংগ্ৰেছ (Congress) এ আই ইউ ডি এফ (AIUDF)এ।
কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি জয়ন্ত মল্ল বৰুৱাই কয় যে কংগ্ৰেছত যিসকল আছে তেওঁলোকক বেলেগ দলে লোৱা নাই বাবেহে কংগ্ৰেছত আছে। "আমি বিচাৰিলে কংগ্ৰেছৰ আটাইকেইজনেই আহিবলৈ সাজু" বুলি কটাক্ষ কৰি জয়ন্ত মল্লই কয় যে খিলঞ্জীয়া বিৰোধী স্থিতি লোৱা দলত কিদৰে থাকিব? "কংগ্ৰেছে নিজেই বিধায়ক ৰাখিব পৰা নাই আৰু আমাক দোষ দিয়ে" বুলিও মন্তব্য কৰে।
ৰাজনীতিত সুস্থ বিৰোধী থকাটো দৰকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)ৰ অসমৰ ৰাজনীতিত কোনো গুৰুত্ব নাই, তেওঁ কেৱল মেডিয়াতহে গুৰুত্ব পায়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|