உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Congress-AIUDF Fight: ৰাজ্যসভালৈ দুজন গ'ল; কিন্তু দিছপুৰত থাকি গ'ল যুঁজ; কংগ্ৰেছ-AIUDFৰ সংঘাত অব্যাহত; ইন্ধন দিছে কোনে!

    Congress-AIUDF Fight: ৰাজ্যসভালৈ দুজন গ'ল; কিন্তু দিছপুৰত থাকি গ'ল যুঁজ; কংগ্ৰেছ-AIUDFৰ সংঘাত অব্যাহত; ইন্ধন দিছে কোনে!

    Congress-AIUDF Fight: নিৰ্বাচনৰ আগতে ৰঙা দলিচা, পিছত AIUDFৰে কাজিয়া কৰে কংগ্ৰেছে: সুশান্ত বৰগোহাঁই

    Congress-AIUDF Fight: নিৰ্বাচনৰ আগতে ৰঙা দলিচা, পিছত AIUDFৰে কাজিয়া কৰে কংগ্ৰেছে: সুশান্ত বৰগোহাঁই

    Congress-AIUDF Fight: নিৰ্বাচনৰ আগতে ৰঙা দলিচা, পিছত AIUDFৰে কাজিয়া কৰে কংগ্ৰেছে: সুশান্ত বৰগোহাঁই

    • Share this:
    যেন শেষ নহ'ব যুঁজ ৷ ৰাজ্যসভালৈ দুজন গ'ল ৷ দিছপুৰত কিন্তু থাকি গ'ল যুঁজ ৷ ইয়াৰ মাজতে বিৰোধী দলপতিয়ে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞালৈ দিলে আইনী জাননী ৷ কংগ্ৰেছৰ সাত বিধায়কে ৰাজ্যসভাৰ নিৰ্বাচনত গাড্ডাৰি কৰা বুলি দাবী কৰাত বিধায়ক কৰিমউদ্দিনৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰি দেৱব্ৰত শইকীয়াই বান্ধি দিলে এসপ্তাহৰ সময় ৷ এসপ্তাহৰ ভিতৰত নিচৰ্ত ক্ষমা নিবিচাৰিলে কৰিমউদ্দিনৰ বিৰুদ্ধে ফৌজদাৰী আৰু দেৱানী গোচৰ তৰাৰ হুংকাৰ দিছে দেৱব্ৰত শইকীয়াই ৷

    ইয়াৰ পিছত শুকুৰবাৰে AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে কংগ্ৰেছক উভটি ধৰিলে ৷ লস্কৰৰ দাবী- “AIUDFৰে ১৫ বছৰে যুঁজ দিছে কংগ্ৰেছে; পিছে AIUDF শাসনত নে BJP? কংগ্ৰেছে জানি লওক, ভূপেন বৰাই সংখ্যালঘু নেতাকো মাৰিব, ভোটাৰকো মাৰিব ৷”

    কংগ্ৰেছ আৰু AIUDFৰ মাজত চলি থকা এই তয়া-ময়া যুঁজক লৈ বিধানসভাৰ উপাধ্যক্ষ ডা° নোমল মমিনে ক'লে- “কংগ্ৰেছে বহু পাপ কৰিছে অসমত ৷ এতিয়া পাপৰ ফল ভোগ কৰি আছে কংগ্ৰেছে ৷”

    একেদৰে BJPৰ বিধায়ক সুশান্ত বৰগোহাঁইয়েও কংগ্ৰেছক এৰি নিদিলে ৷ সুশান্তৰ দাবী- “নিৰ্বাচনৰ আগত ৰঙা দলিছা আৰু পিছত AIUDFৰে কাজিয়া কৰে কংগ্ৰেছে ৷ কংগ্ৰেছত দলৰ নেতৃত্ব ল'ব পৰা নেতাই নাই; দেশৰ নেতৃত্ব বহু দূৰৰ কথা ৷”

    সংখ্যালঘু অঞ্চলত সোমাবলৈ কংগ্ৰেছে পুনৰ চেষ্টা কৰিছে যদিও এতিয়া সংখ্যালঘু ৰাইজ BJPৰ প্ৰতি আকৰ্ষিত হৈছে বুলি দাবী কৰে সুশান্ত বৰগোহাঁয়ে ৷

    লগতে সুশান্তই ক'লে- “অসমীয়াৰ কথা চিন্তা কৰিব পৰা এতিয়া এজনেই আছে; তেওঁ হ'ল হিমন্ত বিশ্ব শৰ্মা ৷”
    Published by:Manjumoni Borah
    First published: