• Home
  • »
  • News
  • »
  • assam
  • »
  • Himanta Biswa Sarma: ধূলাৰ ১৩ বছৰীয়া কিশোৰীৰ অস্বাভাৱিক মৃত্যু; দৰং আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, ধূলা থানাৰ অ’ চিক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Himanta Biswa Sarma: ধূলাৰ ১৩ বছৰীয়া কিশোৰীৰ অস্বাভাৱিক মৃত্যু; দৰং আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, ধূলা থানাৰ অ’ চিক নিলম্বনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

Dhula 13-yr-old female unnatural death case: গোচৰৰ পুংখানুপুংখ তদন্তৰ বাবে DGPক SIT গঠন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Dhula 13-yr-old female unnatural death case: গোচৰৰ পুংখানুপুংখ তদন্তৰ বাবে DGPক SIT গঠন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

Dhula 13-yr-old female unnatural death case: গোচৰৰ পুংখানুপুংখ তদন্তৰ বাবে DGPক SIT গঠন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 

  • Share this:
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা (Himanta Biswa Sarma)ই আজি দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায় (Darrang SP Rajmohan Roy), অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন (ASP Rupam Phukan) আৰু ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (Dhula PS OC)ক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ নির্দেশ দিয়ে৷ ১১ জুনত কৃষ্ণ কমল বৰুৱা নামৰ এজন  লোকৰ ধূলাস্থিত বাসগৃহত ১৩ বছৰীয়া কিশোৰীৰ অস্বাভাৱিক মৃত্যু (Dhula 13-yr-old female unnatural death case)ৰ গোচৰৰ তদন্তত গাফিলতিৰ অভিযোগত এই কঠোৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।। ডিঙিত চিপ লৈ অস্বাভাৱিক অৱস্থাত ওলমি থকা অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীৰ ঢেকীয়াজুলি বাসগৃহত আজি পৰিয়ালৰ লোকক দেখা কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ৰ সৈতে মুখ্যমন্ত্ৰীয়ে মৃতকৰ আত্মীয়ৰ সৈতে মত বিনিময় কৰি দৰং আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে অভিযোগৰ সন্দৰ্ভত সোধা-পোছা কৰে। ঘটনাৰ ফটোগ্ৰাফিক আৰু ভিডিঅ’গ্ৰাফিক প্ৰমাণ সংগ্ৰহ কৰাত আৰক্ষীয়ে কৰ্তব্যৰ চৰম অৱজ্ঞা প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন হৈছে।  ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে মৃতকৰ পৰিয়ালৰ লোকক হেঁচা প্ৰয়োগ কৰি অস্বাভাৱিক মৃত্যুক লৈ লিখিত এজাহাৰ (FIR) দাখিল নকৰাৰ অভিযোগ উত্থাপন হৈছে।

উক্ত অভিযোগৰ গুৰুত্ব বিবেচনা কৰি মুখ্যমন্ত্ৰীয়ে ডিজিপিক ঘটনাটোৰ সম্পূৰ্ণ তদন্তৰ বাবে তিনিজনীয়া বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবলৈ কয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি SITৰ তিনিগৰাকী সদস্যৰ দুগৰাকী মহিলা হ’ব।

মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক চৰকাৰী আঁচনিৰ অধীনত মৃতকৰ পৰিয়ালৰ বাবে এটা ঘৰ নিৰ্মাণ কৰিবলৈও নিৰ্দেশ জাৰি কৰে। লগতে শোণিতপুৰৰ উপাযুক্তক অৰুণোদয় আঁচনি (Arunoday Scheme)ৰ অধীনত মৃতকৰ পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Published by:Manjumoni Borah
First published: