মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Akhil Gogoi : মুখ্যমন্ত্ৰী সদনৰ ৰজা নহয়, কিয় ক'লে বিধায়ক অখিল গগৈয়ে?

Akhil Gogoi : মুখ্যমন্ত্ৰী সদনৰ ৰজা নহয়, কিয় ক'লে বিধায়ক অখিল গগৈয়ে?

News18 Assam | News18-Assam
Updated:July 13, 2021, 7:24 PM IST
Akhil Gogoi : মুখ্যমন্ত্ৰী সদনৰ ৰজা নহয়, কিয় ক'লে বিধায়ক অখিল গগৈয়ে?
"মাথোন ২ মিনিট ভাষণ দিব পাৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, বিপৰীতে মই ১০ মিনিট নিজ সমষ্টিৰ হকে ভাষণ প্ৰদান কৰিলোঁ৷"

"মাথোন ২ মিনিট ভাষণ দিব পাৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে, বিপৰীতে মই ১০ মিনিট নিজ সমষ্টিৰ হকে ভাষণ প্ৰদান কৰিলোঁ৷"

  • Share this:
অসম বিধান সভাৰ বাজেট অধিবেশন (Budget Session) আৰম্ভৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বিধানসভাত নিৰ্দলীয় বিধায়কে মাথোন ২ মিনিট ভাষণ দিব পাৰিব বুলি উল্লেখ কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ বিপৰীতে প্ৰত্যাহ্বান জনাইছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)এ ৷ গগৈয়ে উল্লেখ কৰিছিল যে বিধান সভা বিধান সভাৰ নীতি নিয়ম মতে চলিব, মুখ্যমন্ত্ৰীৰ মতে নহয় ৷ তাৰেই যেন প্ৰত্যুত্তৰ দিলে মঙ্গলবাৰে অসম বিধান সভাৰ মজিয়াত ৷

অখিল গগৈয়ে শিৱসাগৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ ঘোষণাৰ বাবে বিশেষ প্ৰস্তাৱ  আগবঢ়াইছিল সদনত ৷ শিৱসাগৰত আছে সৰ্বমুঠ ৫৫১টা কীৰ্তি চিহ্ন, লগতে সাংস্কৃতিক সমল ৷ এইবোৰ সংৰক্ষণ আৰু পৰ্য্যটনস্থল ৰূপে  গঢ়াৰ লক্ষ্যৰে সদনত দিঘলীয়া ভাষণ দিলে অখিলে। দিলে কিদৰে সমষ্টিটো আগবঢ়াই নিব পাৰি তাৰ পৰামৰ্শ ৷ অৱশ্যে বিধায়ক গৰাকীয়ে আগঢ়োৱা প্ৰস্তাৱ সন্দৰ্ভত প্ৰথমে কোনো প্ৰতিশ্ৰুতিমূলক মন্তব্য নিদিলে বিভাগীয় মন্ত্ৰী বিমল বৰাই ৷ যদিও শিৱসাগৰৰ সামগ্ৰীক উন্নয়নৰ বাবে ১০০ কোটি টকা দিয়াৰ কথা উল্লেখ কৰে বিভাগীয় মন্ত্ৰীয়ে ৷ মন্ত্ৰীৰ এনে মন্তব্যৰ পাছতে অখিল গগৈৰ অধ্যক্ষলৈ প্ৰশ্ন- এই কথাৰ ৰেকৰ্ড হবনে? অধ্যক্ষৰ উত্তৰ, "এয়া বিধানসভাত লিখিত হ'ল ৷"

এনে দৰে দীৰ্ঘ সময় সদনত কৰা মন্তব্যৰ পাছতে অখিলৰ মত "মুখ্যমন্ত্ৰী সদনৰ ৰজা নহয় ৷ মাথোন ২ মিনিট ভাষণ দিব পাৰিম বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে বিপৰীতে মই ১০ মিনিট নিজ সমষ্টিৰ হকে ভাষণ প্ৰদান কৰিলোঁ ৷"
Published by: Manjumoni Borah
First published: July 13, 2021, 7:19 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি