শুকুৰবাৰে খানাপাৰাত থকা Assam Administrative Staff Collegeত এনেদৰে BTRৰ মূৰব্বী, BTRৰ চাৰি জিলাৰ উপায়ুক্ত, প্ৰধান সচিবৰ সৈতে পৰ্যালোচনা সভাত বহিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷
শুকুৰবাৰে খানাপাৰাত থকা Assam Administrative Staff Collegeত এনেদৰে BTRৰ মূৰব্বী, BTRৰ চাৰি জিলাৰ উপায়ুক্ত, প্ৰধান সচিবৰ সৈতে পৰ্যালোচনা সভাত বহিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷
নিৰ্বাচনী প্ৰতিশ্ৰুতি মৰ্মে BTRক দুৰ্নীতিমুক্ত কৰিবলৈ সাজু BTRৰ মূৰব্বী প্ৰমোদ বড়ো আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ শুকুৰবাৰে BTRৰ প্ৰশাসন আৰু BTRৰ বিভিন্ন আঁচনিৰ এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেতবোৰ নিৰ্দেশ দিয়ে ৷
শুকুৰবাৰে খানাপাৰাত থকা Assam Administrative Staff Collegeত এনেদৰে BTRৰ মূৰব্বী, BTRৰ চাৰি জিলাৰ উপায়ুক্ত, প্ৰধান সচিবৰ সৈতে পৰ্যালোচনা সভাত বহিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ লগতে উপস্থিত থাকিল মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম, অশোক সিংহল, BTRৰ বিধায়ক তথা EM সকল ৷ এই বৈঠকত BTRৰ চাৰি জিলাত অৰুণোদয় আঁচনি আৰু স্বয়ম আঁচনিক তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷ অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে দূৰ্বল পৰিয়ালৰ এজন সদস্যই মাহে ৮৩০ টকা পোনপটীয়াকৈ পাব ৷ পুনৰ স্বয়ম আঁচনিৰ জৰিয়তে BTRৰ দহ হাজাৰ উদ্যোগী যুৱক-যুৱতীয়ে দুটা কিস্তিত ৫০ হাজাৰকৈ টকা লাভ কৰিব ৷
নিৰ্বাচনী প্ৰচাৰত দিয়া প্ৰতিশ্ৰুতি মৰ্মে BTRক দুৰ্নীতিমুক্ত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ BTRৰ মূৰব্বী প্ৰমোদ বড়ো ৷ বিগত সময়ছোৱাত বড়োভূমিত সংঘটিত অবাধ দুৰ্নীতি কৰা সকলক চিনাক্ত কৰি শাস্তিৰ বিধান কৰাৰ বাবেও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিলি কাম কৰিব প্ৰমোদ বড়োয়ে ৷ এই কথা পৰ্যালোচনা সভাৰ অন্তত সাংবাদিকক জনালে প্ৰমোদ বড়োয়ে ৷
ইপিনে পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি লোকসভাৰ সাংসদ দিলীপ শইকীয়াই BTRত পূৰ্বতে কৰা দুৰ্নীতিৰ তদন্ত কম দিনৰ ভিতৰতে হ'ব বুলি সদৰী কৰে ৷ দুৰ্নীতিকাৰীয়ে BJP-UPPLৰ দিনত কেতিয়াও ৰেহাই নাপাব বুলি সদৰী কৰে ৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|