Himanta Biswa Sarma Birthday: তিনি দিনীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালনৰ আয়োজন, ১ ফেব্ৰুৱাৰীত ৫৩সংখ্যক জন্মদিন মুখ্যমন্ত্ৰীৰ
Himanta Biswa Sarma Birthday: তিনি দিনীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালনৰ আয়োজন, ১ ফেব্ৰুৱাৰীত ৫৩সংখ্যক জন্মদিন মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ৱ শৰ্মাৰ জন্মদিন তিনি দিনীয়াকৈ পালন
প্ৰিয় নেতাগৰাকীৰ জন্মদিন উপলক্ষে বৃহত্তৰ পাণ্ডু মালিগাঁওবাসীয়ে আজিৰে পৰা ৩ দিনীয়া বিশেষ কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন পালন কৰিছে।
১ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন (Himanta Biswa Sarma Birthday)। উক্ত দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে ৫৩ বছৰত ভৰি দিব। মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ জন্মদিনক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নিজ সমষ্টি জালুকবাৰীত এতিয়া উখল-মাখল পৰিৱেশ। বিগত বৰ্ষৰ দৰে এইবাৰো জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ পাণ্ডু মালিগাঁও অঞ্চলত পালন কৰা হ'ব ড৹ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। কিন্তু এইবাৰৰ উদযাপন (Himanta Biswa Sarma Birthday Celebration) পূৰ্বতকৈ কিছু ব্যতিক্ৰম। কাৰণ বিগত সময়ত এজন বিধায়ক অথবা মন্ত্ৰীৰূপে নিজৰ দক্ষতাৰ পৰিচয় দিয়া ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰীৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছে। সেয়েহে বৃহত্তৰ পাণ্ডু মালিগাঁওবাসী ৰাইজে পূৰ্বৰ তুলনাত অধিক ধুমধামেৰে উদযাপন কৰিবলৈ লৈছে তেখেতৰ জন্মদিনটো।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে আজিৰে পৰা ৩ দিনীয়াকৈ লোৱা হৈছে বিশেষ কাৰ্যসূচী।উল্লেখ্য যে ৩ দিনীয়া কাৰ্যসূচীৰ প্ৰথমটো দিনা পাণ্ডু তৰুণ সংঘ ক্লাৱ ফিল্ডত মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মূল বিষয়বস্তু হিচাপে লৈ আয়োজন কৰা হয় এখনি চিত্ৰাংকন প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অঞ্চলটোৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। লগতে গুৱাহাটী মেডিকেল কলেজৰ ব্লাড বেংকৰ সহযোগত এক ৰক্তদান শিবিৰৰো আয়োজন কৰে য'ত বৃহত্তৰ অঞ্চলটোৰ বহু লোকে ৰক্তদান কৰে।
জানিব পৰা মতে কাইলৈৰ দিনটোত পাণ্ডু মালিগাঁওবাসী ৰাইজে বৃক্ষৰোপণ আৰু চাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰিব।
মুখ্যমন্ত্ৰীৰ জন্মদিনৰ দিনা অৰ্থাৎ অহা ১ ফেব্ৰুৱাৰীত পাণ্ডু ৰেষ্টকেম্প কালিবাৰীত মুখ্যমন্ত্ৰীগৰাকীৰ দীৰ্ঘায়ু কামনাৰে ৰাইজে এখনি যজ্ঞৰো আয়োজন কৰিছে। উক্ত দিনা মুখ্যমন্ত্ৰীগৰাকীয়ে সেই যজ্ঞত অংশ লোৱাৰ লগতে পাণ্ডু মালিগাঁওবাসী ৰাইজে আয়োজন কৰা বিশেষভাৱে সক্ষম লোকৰ বাবে সা-সামগ্ৰী প্ৰদান অনুষ্ঠানতো উপস্থিত থাকিব।
ইফালে আজি অনুষ্ঠিত চিত্ৰাংকন প্ৰতিযোগিতাত জয়ী হোৱা তিনিগৰাকী ছাত্ৰ-ছাত্ৰীকো সেইদিনাই পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে। লগতে আদাবাৰী তিনিআলিস্থিত নৱনিৰ্মিত অটল উদ্যানৰ এক বিশেষ কাৰ্যসূচীতো মুখ্যমন্ত্ৰীয়ে অংশ লোৱাৰ সম্ভাৱনা অধিক।