• Home
  • »
  • News
  • »
  • assam
  • »
  • মহানগৰীৰ চন্দন নগৰৰ দম্পতী হত্যাকাণ্ডৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, ক’লে – অপৰাধ কৰি কোনো সাৰি যাব নোৱাৰে

মহানগৰীৰ চন্দন নগৰৰ দম্পতী হত্যাকাণ্ডৰ স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ, ক’লে – অপৰাধ কৰি কোনো সাৰি যাব নোৱাৰে

মহানগৰীত অপৰাধ কৰি কোনো লোক সাৰি যাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

মহানগৰীত অপৰাধ কৰি কোনো লোক সাৰি যাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

মহানগৰীত অপৰাধ কৰি কোনো লোক সাৰি যাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷

  • Share this:
মহানগৰীৰ বেলতলাৰ চন্দন নগৰৰ দম্পতী হত্যাকাণ্ডৰ স্থান পৰিদৰ্শন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ বুধবাৰে মুখ্যমন্ত্ৰীয়ে হত্যাকাণ্ডৰ স্থান পৰিদৰ্শন কৰি গভীৰ ক্ষোভ প্ৰকাশ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এয়া চৰম দুৰ্ভাগ্যজনক৷ দোষী ইতিমধ্যে চিনাক্ত হৈছে৷ ফৰেন্সিক আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ অপেক্ষাত আৰক্ষী৷ এনেবোৰ ঘটনাৰ আঁৰত এজন –দুজন নহয়, কেইবাজনো লোক হয়তো জড়িত থাকিব পাৰে৷ আৰক্ষীয়ে সকলো কাম কৰিছে৷ ২৪ ঘণ্টা অপেক্ষা কৰক৷ ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষী আয়ুক্তই সমগ্ৰ বিষয় বিৱৰি ক’ব৷’’

মহানগৰীত অপৰাধ কৰি কোনো লোক সাৰি যাব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ অৱশ্যে মহানগৰীত শেহতীয়াকৈ সংঘটিত ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই৷ মহানগৰীত বৃদ্ধ আৱাসীৰ সুৰক্ষাৰ  বাবে বিশেষ ব্যৱস্থাৰ চিন্তা কৰা হ’ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ৷
Published by:Sanjay Kumar Das
First published: