"যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে আমি সঁহাৰি আৰু স্বাগতম জনাম, কিন্তু ৰাজনৈতিক গোটবন্ধন এটা বেলেগ কথা আৰু ৰাজনৈতিক মিত্ৰতা এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ে।" "যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে আমি সঁহাৰি আৰু স্বাগতম জনাম, কিন্তু ৰাজনৈতিক গোটবন্ধন এটা বেলেগ কথা আৰু ৰাজনৈতিক মিত্ৰতা এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ে।" ৰাজ্যত কোকৰাঝাৰ আৰু মৰিগাঁৱত দুটা জঘন্য ধৰ্ষণ-হত্যাৰ ঘটনাৰ পাছত ধৰ্ষণক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। "ধৰ্ষণকাৰীৰ হিন্দু -মুছলমান নাথাকে। কাইলৈ হিন্দুৰ কোনো লোকেও ধৰ্ষণ কৰিব পাৰে।" এই মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে
"কথাই কথাই সংখ্যালঘুক জগৰীয়া কৰাটো উচিত নহয়" বুলিও মন্তব্য কৰে। "কোনো বেয়া কাম হ'লেই কেৱল মুছমানসকলক জগৰীয়া নকৰিব"লৈ আহ্বান কৰিছে মুখ্যমন্ত্ৰীয়ে।
ইপিনে জনসংখ্যা নীতিক লৈও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। "২০০১ৰ পৰা শেষ লোকপিয়ললৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পালে ২৯ শতাংশ। ইয়াৰ বিপৰীতে হিন্দুৰ জনসংখ্যা হ্ৰাস পালে এই সময়ত। এইটো অতি ভয়াৱহ ঘটনা।" ৰাজ্য চৰকাৰে জনসংখ্য নীতি আনিবই বুলি মন্তব্য কৰি তেওঁ কয়, "মোৰ মা-দেউতা ৭০বছৰ আগতে আছিল, তেতিয়া তেওঁলোকে গম পোৱা নাছিল যে বৰ্তমান অসমত তিনিকোটি জনসংখ্যা হ'ব, আমাৰ যেতিয়া ৫টা ককাই-ভাই আছিল তেতিয়া তেওঁলোকৰ ৩০টা আছিল।"
আনহাতে BPF দলে পুনৰ বিজেপিৰে মিত্ৰতা কৰা সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয়, "মই তেনে একো কথা শুনা নাই। প্ৰস্তাৱ অহা নাই , প্ৰস্তাৱ আহিলে মই গম পালোঁহেঁতেন। গতিকে মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত নহয়, কিন্তু অসমত সকলোকে লগত লৈ চৰকাৰ এখন চলোৱাৰ বাবে প্ৰচেষ্টা লৈছোঁ, যি ৰাজনৈতিক দলে আমাক সহযোগিতাৰ আশ্বাস দিয়ে আমি সঁহাৰি আৰু স্বাগতম জনাম, কিন্তু ৰাজনৈতিক গোটবন্ধন এটা বেলেগ কথা আৰু ৰাজনৈতিক মিত্ৰতা এটা প্ৰক্ৰিয়াৰ মাজেৰে আগবাঢ়ে।"
Published by: Manjumoni Borah
First published: June 29, 2021, 21:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|