உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বছৰৰ এটা নিৰ্দিষ্ট সময়ত বদলিকৰণৰ পৰম্পৰা গঢ়ি তোলক ! নিৰ্দিষ্ট সময়ত সকলো বদলিৰ ফাইলৰ কাম কৰক: জনতা ভৱনৰ বিষয়ালৈ আহ্বান মুখ্যমন্ত্ৰীৰ

    বছৰৰ এটা নিৰ্দিষ্ট সময়ত বদলিকৰণৰ পৰম্পৰা গঢ়ি তোলক ! নিৰ্দিষ্ট সময়ত সকলো বদলিৰ ফাইলৰ কাম কৰক: জনতা ভৱনৰ বিষয়ালৈ আহ্বান মুখ্যমন্ত্ৰীৰ

    বছৰৰ বাৰ মাহে বদলি প্ৰথা নাইকিয়া কৰক ৷ বিপৰীতে প্ৰতি বছৰৰ এটা মাহ বদলিকৰণ পৰম্পৰা গঢ়ি তোলক ৷ যিটো কৰিলে বদলিকৰণৰ সন্দেহত বাৰ মাহে জনতা ভৱনলৈ অহা কৰ্মচাৰীৰ সংখ্যা হ্ৰাস হব ৷ এই পৰামৰ্শ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

    • Share this:
    ৰাজ্য চৰকাৰৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন ৷ জনতা ভৱনত প্ৰতি শনিবাৰে মুখ্যসচিব আৰু তলতীয়া বিষয়াৰ বৈঠক অনুষ্ঠিত হওক ৷ য'ত সপ্তাহটোৰ কাম কাজৰ খটিযান লওক লগতে আগন্তুক সপ্তাহৰ টাৰ্গেট গ্ৰহণ কৰক ৷ জনতা ভৱনৰ বিষয়ালৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

    বছৰৰ বাৰ মাহে বদলি প্ৰথা নাইকিয়া কৰক ৷ বিপৰীতে প্ৰতি বছৰৰ এটা মাহ বদলিকৰণ পৰম্পৰা গঢ়ি তোলক ৷ যিটো কৰিলে বদলিকৰণৰ সন্দেহত বাৰ মাহে জনতা ভৱনলৈ অহা কৰ্মচাৰীৰ সংখ্যা হ্ৰাস হব ৷ পৰামৰ্শ অনুসৰি বছৰৰ ১৫ এপ্ৰিলৰ পৰা ১৫ মে' বদলিকৰণৰ সময় ৷ এই সময়ত সকলোৰে বদলিৰ ফাইলৰ কাম কৰক ৷ এনে ব্যৱস্থাৰেৰে কৰিলে সুস্থিৰ পৰিবেশ আহিব জনতা ভৱনলৈ ৷ যিটো পূৰ্বে ১৫, ২০ বছৰত ধৰি চলি আহিছিল ৷ এনে পৰম্পৰা গঢ়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ ৷ জনতা ভৱনত দুখ লগা পৰিবেশ বছৰৰ পাছত বছৰ ভঙা চিঙা চকীৰে চলি আছে ৷

    সলনি কৰাৰ নাই কোনো ব্যৱস্থা ৷ এনে পৰিবেশত কাম কৰিবলৈ কিদৰে আহিব মানসিকতা প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাৰ ৷ জনতা ভৱনত সদ্ভাৱনাৰ লগতে স্বচ্চতাৰ এক প্ৰকল্প লোৱাৰ আহ্বান ৷ এইবোৰ কাৰ্য্যকৰী কৰিবলৈ একাংশ বিষয়াৰ কিছু মানসিকতা সলনি কৰাৰ আহ্বান ৷ ইয়াৰ বাবে জনতা ভৱনৰ পৰা ACS বিষয়া সকলক কৰ্নাটক, তেলেংগানা, অন্ধপ্ৰদেশৰ সচিবালয়ৰ আৰ্হি পৰ্য্যবেক্ষণ কৰাৰ পৰামৰ্শ ৷ উন্নত সেইসমূহ ৰাজ্যত কিদৰে কাম কৰে সেয়া পৰিদৰ্শন কৰাৰ আহ্বান ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সদ্ভাৱনা প্ৰকল্পৰ বিশেষ অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷
    Published by:Kokil Sarma
    First published: