মুখ্যপৃষ্ঠা » খবৰ

» অসম

»আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক ৷ আৰক্ষীক গুলীয়াব বিচাৰিলে উত্তৰ পাবই, মই এই আসনত থকালৈ সহ্য নকৰোঁ। অপৰাধীৰ বিৰুদ্ধে সদনত হুংকাৰ মুখ্যমন্ত্ৰীৰ।

আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক ৷ আৰক্ষীক গুলীয়াব বিচাৰিলে উত্তৰ পাবই, মই এই আসনত থকালৈ সহ্য নকৰোঁ। অপৰাধীৰ বিৰুদ্ধে সদনত হুংকাৰ মুখ্যমন্ত্ৰীৰ।

News18 Assam | News18-Assam
Updated:July 14, 2021, 12:44 PM IST
আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক ৷ আৰক্ষীক গুলীয়াব বিচাৰিলে উত্তৰ পাবই, মই এই আসনত থকালৈ সহ্য নকৰোঁ। অপৰাধীৰ বিৰুদ্ধে সদনত হুংকাৰ মুখ্যমন্ত্ৰীৰ।
"মই মোৰ বিভাগ দুৰ্বল কৰিব নোৱাৰোঁ ৷ আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক ৷ বিষ পান কৰিবলৈ মই সাজু আছোঁ ৷"

"মই মোৰ বিভাগ দুৰ্বল কৰিব নোৱাৰোঁ ৷ আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক ৷ বিষ পান কৰিবলৈ মই সাজু আছোঁ ৷"

  • Share this:
ধাৰাবাহিক এনকাউণ্টাৰক লৈ চৰকাৰক জব্দ কৰিব বিচাৰিছিল বিৰোধীয়ে। কিন্তু সদনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একপ্ৰকাৰ ৰুদ্ৰৰূপ ধাৰণ কৰি মুখ বন্ধ কৰিলে বিৰোধীৰ। এনকাউণ্টাৰ সন্দৰ্ভত প্ৰশ্ন কৰিছিল কংগ্ৰেছৰ শ্বেৰমান আলীয়ে। আৰক্ষীয়ে জধে মধে গুলীয়াইছে বুলি সদনত তীব্ৰ ভাষাৰে চৰকাৰক থকাসৰকা কৰিব বিচাৰিছিল শ্বেৰমান আলীয়ে।

উত্তৰত মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, "এই চৰকাৰ শূন্য সহনশীল, আৰক্ষীক গুলীয়াব বিচাৰিলে উত্তৰ পাবই, মই এই আসনত থকালৈ সহ্য নকৰোঁ। আৰক্ষীক কোনোবাই আক্ৰমণ কৰিলে আৰক্ষীয়ে কি বহি থাকিব? মই যেতিয়ালৈ এই আসনত থাকিম; তেতিয়ালৈ অসম আৰক্ষীক আক্ৰমণ কৰিলে কোনো ৰক্ষা নাপায়। মই মোৰ বিভাগ দুৰ্বল কৰিব নোৱাৰোঁ ৷ আইনৰ ভিতৰত থাকি আৰক্ষীয়ে Extreme পন্থা লওক ৷ বিষ পান কৰিবলৈ মই সাজু আছোঁ ৷ কোনো সমালোচনাই আমাক টলাব নোৱাৰে ৷ মই নীলকণ্ঠৰ দৰে সেই সমালোচনাৰ বিষপান কৰিম।"

মু্খ্যমন্ত্ৰী শৰ্মই আৰু কয় যে "কোনোবাই অসম আৰক্ষীক ট্ৰিগাৰ হেপ্পী বুলি কৈ অসম আৰক্ষীক হেয় কৰিবলৈ চেষ্টা কৰিব পাৰে ৷ ৪০০/৫০০ কোটি টকাৰ ড্ৰাগছ চলি আছে ৷ আপোনালোকে অসম আৰক্ষীক কাম কৰাত উৎসাহ যোগাওক" বুলি বিৰোধীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

আনহাতে ৰকিবুল হুছেইনে কয় যে "আধাতে যাতে ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ অন্ত নপৰে ৷ সেৱন কৰাবোৰ আমাৰেই ল'ৰা-ছোৱালী, ৰিহেবৰ ব্যৱস্থা কৰিব লাগে ৷ কিন্তু এনকাউণ্টাৰ বেছি হৈছে, এয়া আত্মৰক্ষা নে প্ৰচাৰ সেয়া বিচাৰ কৰিব লাগে।"

ৰকিবুলৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে "অপৰাধীৰ ৱৰ্কশ্বপ পাতি ভাল বেয়া জানিব পৰা হ'লে তেনে নহ'লহেঁতেন ৷ পলাবলৈ চেষ্টা কৰাৰ বাবেহে আৰক্ষীয়ে গুলীয়াইছে" বুলি কয় মুখ্যমন্ত্ৰীয়ে। তেওঁ আৰু কয় যে "উড়তা পাঞ্জাৱ চিনেমাৰ দৰে গম নোপোৱাকৈ উড়তা অসম হৈ গৈ আছিল।"

আনহাতে ড্ৰাগছ সৰবৰাহত একাংশ উগ্ৰপন্থী জড়িত আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে "ULFA-Iয়ে ড্ৰাগছৰ বেহা কৰা বুলি আমি কোৱা নাই ৷ কোনোবাই ভুল ব্যাখ্যা যাতে নকৰে ৷ ULFA-Iয়ে ড্ৰাগছ বেহা কৰা নাই ৷ আনকি ULFA-Iয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ তথ্য চিনাকি আৰক্ষীক ফোন কৰি খবৰহে দিছে ৷ এয়া ভাল খবৰ ৷ অসমীয়া মানুহ ইমান তললৈ নাযায়। একাংশ উগ্ৰপন্থীয়েহে কৰিছে ড্ৰাগছৰ বেহা কৰে।"
Published by: Manjumoni Borah
First published: July 14, 2021, 12:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি