• Home
  • »
  • News
  • »
  • assam
  • »
  • Guwahati Hit & Run Case| গুৱাহাটীত শ্ৰমিকক মহতিয়াই নিয়া ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, কাহিনী এতিয়াই শেষ হোৱা নাই, জামিনহে পাইছে, কাহিনী বাকী আছে !

Guwahati Hit & Run Case| গুৱাহাটীত শ্ৰমিকক মহতিয়াই নিয়া ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, কাহিনী এতিয়াই শেষ হোৱা নাই, জামিনহে পাইছে, কাহিনী বাকী আছে !

"কাহিনী এতিয়াও শেষ হোৱা নাই। জামিনহে পাইছে, গোচৰ শেষ হোৱা নাই। জামীন পালেই কাহিনী শেষ হৈ নাযায়। এদিন-দুদিন চাওক। অহা দুই-তিনিদিনত চাই থাককচোন কি হয় !" মুখ্যমন্ত্ৰীৰ মন্তব্য

  • Share this:
গুৱাহাটীৰ পঞ্চতাৰকা হোটেলত মাজনিশা পাৰ্টী কৰি, নৈশ সান্ধ্য আইন ভৰিৰে মোহাৰি, সুৰামত্ত হৈ তীব্ৰ গতিত গাড়ী চলাই ৮ জন শ্ৰমিকক মহতিয়াই  (Hit and Run) নিয়াৰ অভিযোগ উঠা মডেল ৰাজকন্যা বৰুৱা (Model Rajkanya Baruah)ই ঘটনাৰ ২৪ ঘণ্টা নৌহওতেই জামিনত মুকলি হৈ যোৱা কাণ্ডত হতবাক হৈ পৰিছিল সমগ্ৰ ৰাজ্য। প্ৰশ্ন উত্থাপন হৈছিল আৰক্ষীৰ ভূমিকাৰ ওপৰত। কিন্তু আজি দুৰ্ভগীয়া শ্ৰমিক কেইজনক ন্যায়ৰ কিঠু আশা দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই।

আজি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "কাহিনী এতিয়াও শেষ হোৱা নাই। জামিনহে পাইছে, গোচৰ শেষ হোৱা নাই। জামিন পালেই কাহিনী শেষ হৈ নাযায়। এদিন-দুদিন চাওক। অহা দুই-তিনিদিনত চাই থাককচোন কি হয় !"

মুখ্যমন্ত্ৰীৰ এই ইংগিতৰ পিছত অনুমান হয় বিষয়টো গুৰুত্ৱসহকাৰেই লৈছে তেওঁ। ইতিমধ্যে ঘটনাৰ সময়ত দায়িত্বতত থাক দুজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে।

উল্লেখ্য শুকুৰবাৰে নিশা প্ৰায় দুই বজাত গুৱাহাটীৰ ৰুক্মিনীগাঁও (Rukminigaon, Guwahati)ত মডেল ৰাজকন্যা বৰুৱাই ৮জন শ্ৰমিকক গাড়ীৰে মহতিয়াই নিয়াৰ অভিযোগ উঠিছিল। ইয়াৰে যোচেফ নামৰ এজন শ্ৰমিকৰ ঘটনাস্থলীতে এখন ভৰি ছিগি যায় আৰু আনখন ভৰি হাস্পতালত কাটি পেলাবলগীয়া হয়।
Published by:Manjumoni Borah
First published: