স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই ভাৰতবাসীয়ে ভাৰতৰ আদৰ্শ আৰু প্ৰমূল্যবোধ জীয়াই ৰাখিব লাগিব-মুখ্যমন্ত্ৰী
স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি সন্মান জনাই ভাৰতবাসীয়ে ভাৰতৰ আদৰ্শ আৰু প্ৰমূল্যবোধ জীয়াই ৰাখিব লাগিব-মুখ্যমন্ত্ৰী
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত স্বাধীনতা আন্দোলনৰ শ্বহীদসকললৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্বহীদৰ স্মৃতিসৌধত পুষ্পাঞ্জলি যাঁচি শ্বহীদসকলক সেৱা জনায় মুখ্যমন্ত্ৰীয়ে।
স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক সুঁৱৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, "যি সকল লোকে দেশৰ বাবে নিজৰ সৰ্বোচ্চ বলিদান দিলে তেওঁলোকৰ ওচৰত ভাৰতবাসী সদায় ঋণী হৈ থাকিব। সেই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই ভাৰতবাসীয়ে ভাৰতৰ আদৰ্শ আৰু প্ৰমূল্যবোধ জীয়াই ৰাখিব লাগিব।"
প্ৰতিগৰাকী ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা যাঁচি মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই উপস্থিত ৰাইজৰ মাজলৈ সোমাই গৈ মনৰ কথা বুজ লয়। ইমানেই নহয় শিশু সকলৰ সৈতে চেল্ফী উঠি আনন্দ ল'লে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক ওচৰতে পাই উৎফুল্লিত হৈ পৰে উপস্থিত জনতা।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|