• Home
  • »
  • News
  • »
  • assam
  • »
  • Cancer Care Hospitals: অসমত হ'ব কৰ্কট ৰোগ চিকিত্‍সাৰ বিশেষ BSc নাৰ্ছিং পাঠ্যক্ৰম, সুদূৰপ্ৰসাৰী পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

Cancer Care Hospitals: অসমত হ'ব কৰ্কট ৰোগ চিকিত্‍সাৰ বিশেষ BSc নাৰ্ছিং পাঠ্যক্ৰম, সুদূৰপ্ৰসাৰী পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

Himanta Biswa Sarma: বৈঠকত অসমত চলি থকা ৭খন কৰ্কট ৰোগ চিকিত্‍সা প্ৰতিষ্ঠানৰ কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।

Himanta Biswa Sarma: বৈঠকত অসমত চলি থকা ৭খন কৰ্কট ৰোগ চিকিত্‍সা প্ৰতিষ্ঠানৰ কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।

Himanta Biswa Sarma: বৈঠকত অসমত চলি থকা ৭খন কৰ্কট ৰোগ চিকিত্‍সা প্ৰতিষ্ঠানৰ কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।

  • Share this:
অসমত অচিৰেই আৰম্ভ হ'ব কৰ্কট ৰোগ (Cancer) চিকিত্‍সাৰ BSc নাৰ্ছিং পাঠ্যক্ৰম। আজি এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। আজি এটা টুইটত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনত অতি সোনকালে কৰ্কট ৰোগ চিকিত্‍সা আৰু পেলিয়েটিভ কেয়াৰ (palliative care)ৰ বাবে BSc নাৰ্ছিং পাঠ্যক্ৰম আৰম্ভ কৰা হ'ব।

আজি অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন (Assam Cancer Care Foundation)ৰ বোৰ্ড মিটিং আৰু এজিএমত অংশ লৈ এই পৰিকল্পনাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।


বৈঠকত অসমত চলি থকা ৭খন কৰ্কট ৰোগ চিকিত্‍সা প্ৰতিষ্ঠানৰ কাম-কাজৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। বৈঠকত নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱা প্ৰতিষ্ঠানসমূহ শীঘ্ৰে কাৰ্যক্ষম কৰি তোলাৰ বাবে নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।

তেওঁ লগতে কয় যে এই কৰ্কট ৰোগ চিকিত্‍সালয়সমূহত ৰোগীৰ চিকিত্‍সাৰ উপৰি যাতে প্ৰশিক্ষণৰো কেন্দ্ৰ কৰি তুলিব পাৰি সেই দিশত আগবাঢ়িব লাগিব।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি