মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Pray for Lovlina Borgohain : লাভলীনা বৰগোহাঁইৰ বিজয় কামনাৰে মুখ্যমন্ত্ৰীৰ বন্তি প্ৰজ্বলন, কাইলৈ পুৱা এগচিকৈ বন্তি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰীৰ আহ্বান।

Pray for Lovlina Borgohain : লাভলীনা বৰগোহাঁইৰ বিজয় কামনাৰে মুখ্যমন্ত্ৰীৰ বন্তি প্ৰজ্বলন, কাইলৈ পুৱা এগচিকৈ বন্তি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰীৰ আহ্বান।

Manjumoni Borah | News18-Assam
Updated:August 3, 2021, 9:54 PM IST
Pray for Lovlina Borgohain : লাভলীনা বৰগোহাঁইৰ বিজয় কামনাৰে মুখ্যমন্ত্ৰীৰ বন্তি প্ৰজ্বলন, কাইলৈ পুৱা এগচিকৈ বন্তি জ্বলাবলৈ অসমবাসীক মুখ্যমন্ত্ৰীৰ আহ্বান।
বুধবাৰে পুৱা নিজ গৃহত এগচিকৈ বন্তি প্ৰজ্বলনেৰে লাভলীনাৰ হৈ প্ৰাৰ্থনা জনাবলৈ অসমবাসী ৰাইজলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

বুধবাৰে পুৱা নিজ গৃহত এগচিকৈ বন্তি প্ৰজ্বলনেৰে লাভলীনাৰ হৈ প্ৰাৰ্থনা জনাবলৈ অসমবাসী ৰাইজলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
বুধবাৰে অলিম্পিকৰ ছেমি ফাইনেলত অৱতীৰ্ণ হোৱাৰ পূৰ্বে অসম কন্যা লাভলীনা বৰগোঁহাই (Lovlina Borgohain)ৰ বাবে ৰাজ্যবাসীয়ে কৰিছে প্ৰাৰ্থনা। বাউটৰ পূৰ্বে আজি নেহৰু ষ্টেডিয়ামত বিশেষ ৰাজ্য চৰকাৰেও আয়োজন কৰে কাৰ্যসূচী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই বন্তি প্ৰজ্বলন কৰি লাভলীনাৰ বাবে প্ৰাৰ্থনা জনায়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আধুনিক অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত এগৰাকী অসমীয়া হিচাপে প্ৰথমটো পদক নিশ্চিত কৰি অসমবাসীক গৌৰৱান্বিত কৰা অসম কন্যা লাভলীনা বৰগোহাঁয়ে কাইলৈ বক্সিঙৰ ছেমিফাইনেলত অৱতীৰ্ণ হ'ব। এই গুৰুত্বপূৰ্ণ আৰু পৰম প্ৰত্যাশিত দিনটোৰ প্ৰাকসন্ধ্যা খেলুৱৈগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে তেওঁৰ বিজয় কামনা কৰিছোঁ।"

সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।‌ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত উপস্থিত আছিল ক্ৰীড়া মন্ত্ৰী বিমল বৰা, মন্ত্ৰী পীযুষ হাজৰিকা,  অশোক সিংহল আৰু শ্ৰীযোগেন মহনকেলক্ষ্য কোৱঁৰ, বক্সাৰ অংকুশিতা বড়ো আৰু ফাইলাও বসুমতাৰীৰ লগতে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়া আৰু ক্ৰীড়া সংগঠক আদি।

কাইলৈ পুৱা নিজ গৃহত এগচিকৈ বন্তি প্ৰজ্বলনেৰে লাভলীনাৰ হৈ প্ৰাৰ্থনা জনাবলৈ  অসমবাসী ৰাইজলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।
Published by: Manjumoni Borah
First published: August 3, 2021, 9:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি